নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কান্দোনৰ উপকাৰিতা গম পালে প্ৰতিদিনেই কান্দিব আপুনি…

হাঁহিৰ উপকাৰীতা আমি সকলোৱে জানো। কিন্তু জানিলে আচৰিত হ’ব কন্দাৰো বহুতো উপকাৰিতা  আছে। কান্দোন মানৱ জীৱনৰ বাবে বহুত উপকাৰী। কান্দোনৰ দ্বাৰা মানুহৰ মন ভাল লগা নহয় মানুহৰ শৰীৰত ইয়াৰ উপকাৰ পোৱা যায়।

জানো আহক কান্দোনৰ উপকাৰীতাঃ

শৰীৰৰ পৰা টক্সিন বাহিৰ কৰেঃ  যেতিয়া মানুহ চিন্তা বা চাপত থাকে তেতিয়া শৰীৰত কেইবাবিধো টক্সিন উৎপন্ন হয়। যদি ই মানৱ শৰীৰৰ পৰা বাহিৰ নহয় তেতিয়া বহুত অপকাৰ সাধন কৰে। কান্দিলে শৰীৰৰ পৰা লাহে লাহে টক্সিন বাহিৰ হয় আৰু শৰীৰৰ পৰা চিন্তা কম হয়।

টোপনি ভাল হয়ঃ এক অধ্যয়নত প্ৰকাশ পাইছে যে কান্দিলে ভাল টোপনি আহে। দৰাচলতে মানুহে যেতিয়া কান্দে তেতিয়া মগজু শান্ত হয় আৰু ভাল টোপনি আহে।

টেনচনৰ পৰা মুক্তিঃ যেতিয়া কোনো ব্যক্তি টেনচনত থাকে, সেই সময়ত ব্যক্তিজনে কান্দি লয় তেতিয়া টেনচনৰ পৰা মুক্তি পায়। লগতে শৰীৰৰ পৰা Oxytocin আৰু Endorphins নামৰ ৰাসায়নিক দ্ৰব্য বাহিপ হয় তেতিয়া ব্যক্তি জনৰ মনটো ভাল হয়।

চকুৰ বাবে উপকাৰীঃ বৰ্ধিত প্ৰদূষণ আৰু প্ৰযুক্তিৰ বাবে আমাৰ চকুত ব্যাপক প্ৰভাৱ পৰে। এনে সময়ত ব্যক্তিজনে যদি চকুপানী উলিয়াব পাৰে তেতিয়া চকু পৰিস্কাৰ হৈ যায়। লগতে চকুৰ তৰলতা বৃদ্ধি পায় যি আমাৰ চকুৰ বাবে বহুত উপকাৰী।

You might also like