নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

4জি নেটৱৰ্ক থকাৰ পিছতো ইণ্টাৰনেটৰ স্পীড কম নেকি…স্পীড বঢ়োৱৰ টিপচ জানক আজিয়েই

সমগ্ৰ দেশতেই এতিয়া ৪জি নেটৱৰ্ক । প্ৰায় সংখ্যক লোকেই ৪জি থকা স্মাৰ্ট ফোন ব্যৱহাৰ কৰে। কিন্তু কেতিয়াবা এনেকুৱা হয় ৪ জি সম্পূৰ্ণ ৰূপে থকাৰ পিছতো আমি সম্পূৰ্ণ স্পীড নাপাও। এনে সময়তে মনত প্ৰশ্ন হয় স্মাৰ্ট ফোনটোত কেনেকৈ স্পীড বঢ়াব পাৰি। আজি আপোনলোক জনাম যে কিদৰে ৪ জি ইণ্টাৰনেটৰ স্পীড বঢ়াব পাৰি।

apn পৰীক্ষা কৰকঃ ইণ্টাৰনেটৰ স্পীড বৃদ্ধি কৰিবলৈ Access Point Network অথবা apn চেটিং পৰীক্ষা কৰিব লাগে। কাৰণ দ্ৰুত স্পীডৰ বাবে apn সঠিক হোৱাটো জৰুৰী। সেইবাবে apnৰ চেটিংত গৈ এবাৰ নিজে ঠিক কৰিব লাগে।

ছচিয়েল মিডিয়াৰ এপৰ ওপৰত ধ্যানঃ ফেচবুক, টুইটাৰৰ দৰে ছচিয়াল মিডিয়াৰ এপে ইণ্টাৰনেটৰ স্পীড কম কৰি দিয়ে। কাৰণ এইবোৰ এপে ডাটা বেছিকৈ ব্য়ৱহাৰ হয়। এনেবোৰ কাৰণতে এপ চেটিংত গৈ অট প্লে আৰু অট ডাউনলোডটো বন্ধ কৰিব লাগে। আৰু বাউজাৰ ডাটা চেভ মোড সক্ৰিয় কৰি ৰাখিব লাগে। তেতিয়া আপোনাৰ ইণ্টাৰনেটৰ স্পীড বৃদ্ধি হব।

সময়ে সময়ে cache বোৰ উৰুৱাই দিব লাগেঃ cache সম্পূৰ্ণ হলেই স্মাৰ্ট ফোন লেহেমীয়া হৈ যায়। যাৰ বাবে ইণ্টাৰনেটৰ স্পীডত ইয়াৰ প্ৰভাৱ পৰে। সেই বাবে মাজে সময়ে cache সমূহ চফা কৰিব লাগে তেতিয়া ইণ্টাৰনেটৰ স্পীড বৃদ্ধি পায়।

যদি ফোনত নেটৱৰ্কৰ স্পীড কমে তেতিয়া চেটিংত গৈ এবাৰ পৰীক্ষা কৰিব লাগে। তাৰ পিছতেই  preferred type of networkত গৈ 4G বা LTE নিৰ্বাচন কৰি ল’ব।

You might also like