নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কি খাদ্যই পুৰুষৰ বৈবাহিক জীৱন সুখী কৰি তুলিব… জানক

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ  মহিলাৰ দৰে পুৰুষৰ বাবে পুষ্টিকৰ খাদ্য খুবেই জৰুৰী। বিশেষকৈ পুৰুষৰ শীঘ্ৰ পতন আৰু যৌন জীৱনত বহু সমস্য হয় যদি সময়ত পুষ্টিকৰ খাদ্য খোৱা নাযায়। কিছুমান খাদ্যই পুৰুষৰ যৌন জীৱন উন্নত কৰে, বেমাৰৰ পৰা ৰক্ষা কৰে আৰু স্বাস্থ্যও ভালে ৰাখে। জানো আহক এই খাদ্য সমূহৰ বিষয়ে

চৰ্বী যুক্ত মাছঃ চৰ্বী যুক্ত সাগৰীয় মাছ salmon, herring, sardines আৰু halibut, বহুত উন্নত মানৰ পুষ্টিকৰ খাদ্য পোৱা যায়। বিশেষকৈ ইয়াত পোৱা অমেগা ৩ ফেটী এছিডে হৃদ ৰোগৰ পৰা ৰক্ষা কৰে।

চকলেটঃ নিয়ন্ত্ৰিত ভাৱে যদি চকলেট সেৱন কৰে তেতিয়া তেজ চলাচল ভাল হয়। বিশেষকৈ কলা চকলেটত Flavanol বেছি পৰিমাণৰ পোৱা যায় যি ব্লাড কলষ্টৰেল কম কৰে, ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে। যি পুৰুষৰ তেজ চলাচল ভাল নহয় সেই পুৰুষৰ শীঘ্ৰ পতনৰ সমস্য়াই দেখা দিয়ে। যাৰ পৰিপেক্ষিতত নিয়ন্ত্ৰিত ভাৱে চকলেট খাব লাগে।

দৈ গাখীৰঃ দৈ গাখীৰত যথেষ্ট পৰিমাণৰ এমিনঅ এছিড পোৱা যায়, যি মাংস পেক্ষী বৃদ্ধি কৰাত সহায় কৰে।

চয়া খাদ্যঃ অধ্যয়নৰ মতে চয়া খাদ্যই পুৰুষক কেন্সাৰৰ পৰা ৰক্ষা কৰে। চয়া খাদ্যই পুৰুষৰ Estrogen হৰমণ বৃদ্ধি কৰে। পুৰুষে সেইবাবে সদায় চয়াবিন, চয়াগাখীৰ নিজৰ খাদ্যৰ তালিকাত ৰাখিব লাগে।

সেউজীয়া শাক পাচলিঃ সেউজীয়া শাক পাক পাচলি চকুৰ বাবে খুবেই ভাল। সেউজীয়া শাক পাচলিয়ে বয়সৰ সৈতে হোৱা বেমাৰৰ পৰা ৰক্ষা কৰে।

কণীঃ কণীত প্ৰটিণ, আইৰণ যথেষ্ট পৰিমাণে থাকে। কণীৰ কুহুমত ১৮৫ মিঃগ্ৰামঃ কলষ্টৰল থাকে, যি স্বাস্থ্যবান লোকৰ এদিনৰ বাবে জৰুৰী।

ৰঙা চাউলঃ ৰাউল চাউলত ফাইবাৰৰ পৰিমাণ বহুত। যদি আপোনাৰ ৰঙা চাউল ভাল নালাগে তাত অলপ বগা চাউল মিলাই খাব পাৰে। ৰঙা চাউলে হৃদ ৰোগ আৰু বহুমূত্ৰ ৰোগৰ পৰা ৰক্ষা কৰে।

You might also like