নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰাণী গ্রুপৰ ৬ সদস্যক গুৱাহাটীত গ্রেপ্তাৰ কামৰূপ আৰক্ষীৰ

কামাখ্যাৰ সমীপত লজত আশ্রয় লৈ কৰিছিল লুটপাত

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ শুকুৰবাৰে কামৰূপ আৰক্ষীয়ে ইৰাণী গ্রুপৰ বৃহৎ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে৷ পলাশবাৰীত কালি  সংঘটিত এক ধন লুটৰ ঘটনাৰ পিছতে কামৰূপ আৰক্ষীয়ে পেলোৱা জালত পৰে ইৰাণী গ্রুপৰ ছয় সদস্য৷ আজি আমিনগাঁৱৰ জিলা আৰক্ষী অধীক্ষকৰ কার্যালয়ত আৰক্ষী অধীক্ষক হিতেশ চন্দ্র ৰায়ে এখন সংবাদ মেলত চিলনী চোৰৰ বিৰুদ্ধে চলোৱা অভিযান সন্দর্ভত সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰা অনুসৰি মহানগৰীৰ পৰাই অপৰাধৰ সাম্রাজ্য নিয়ন্ত্রণ কৰিছিল ধৃত ইৰাণী গ্রুপৰ সদস্যকেইজনে৷ মহানগৰীৰ কামাখ্যাৰ বাবাধামৰ সমীপৱর্তী এটি লজৰ পৰা ইৰাণী গ্রুপৰ সদস্য ছয়জনক আটক কৰা বুলিও উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে৷

ইৰাণী গ্রুপটোৱে শেহতীয়াভাৱে কামৰূপ জিলাত ত্রাসৰ সৃষ্টি কৰিছিল বুলি সদৰী কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে এনে দুষৃকতিকাৰীৰ বিৰুদ্ধে কামৰূপ আৰক্ষীয়ে কঠোৰ কার্যব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও স্পষ্ট কৰি দিয়ে৷ কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া আৰু উপ–আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত চলা অভিযানত বহিঃৰাজ্যৰ চিলনী চোৰকেইজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি বিহাৰৰ পৰা আহি গুৱাহাটীত বাহৰ পাতি চিলনী চোৰকেইজনে লুটপাত চলাইছিল৷ কামৰূপ আৰক্ষীৰ বৃহৎ সফলতা হিচাপে পৰিগণিত হোৱা এই অভিযানত আঠডাল সোণৰ চেইন, দুখন মটৰচাইকেলসহ চিলনী চোৰৰ গেংটোৰ পৰা জব্দ কৰা হৈছে নগদ ৬৪ হাজাৰ টকা৷ লগতে গেংটোৰ পৰা এঘাৰটাকৈ ম’বাইল ফোন, ছিমকার্ড জলকীয়া গুড়িৰ পেকেট, বান্দৰ কেকোঁৱাৰ গুড়ি, ভুৱা পৰিচয়–পত্রও আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷

You might also like