নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিগ বছত কান্দি কান্দি ক’লে ৰাখি সাৱন্তে- সাহায্যৰ নামত কিদৰে শ্লীলতা হানিৰ চেষ্টা কৰিছিল বন্ধুৱে

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ ৰিয়েলিটী টিভি শ্ব’ বিগ বছত অংশ লৈ অতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাখি সাৱন্ত। বিগ বছ ১৪ত এগৰকী চৰ্চিত আৰু জনপ্ৰিয় মনোৰঞ্জক ৰূপে পৰিচিত হৈ পৰা ৰাখি কালি নিশা অতি আবেগিক হৈ কান্দি পেলায়।

বন্ধু ৰাহুল বৈদ্যৰে কথা পাতি থকা মুহূৰ্তত ৰাখিয়ে আবেগিক হৈ কন্দাৰ কাৰণ আছিল অতি বেদনাদায়ক। ৰাখিয়ে নিজৰ অতীত জীৱনৰ ক’লা অধ্যায় বৰ্ণনা কৰা মুহূৰ্তত উল্লেখ কৰে যে প্ৰথমাৱস্থাত ছবি উদ্যোগত তেতিয়া কোনোৱে তেওঁক চিনি নাপাইছিল। এনে সময়তে এক হৃদয়বিদাৰক ঘটনাৰ বাবে ৰাখিৰ মাকৰ হাৰ্ট এটাক হয়।

মাকৰ চিকিৎসাৰ বাবে অৰ্থৰো প্ৰয়োজন হৈছিল ৰাখিক। তেনে সময়ত তেওঁৰ এগৰাকী বন্ধুৱে সাহায্যৰ অজুহাতত ৰাখিৰ এই অৱস্থাৰ সুবিধা ল’ব বিচাৰিছিল গাড়ীৰ ভিতৰত। এই ঘটনা বৰ্ণনাৰ সময়তে হুকহুকাই কান্দি উঠে ৰাখি। বন্ধু ৰাহুলে তেওঁক সান্ত্বনা দিয়ে। ৰাখিয়ে লগতে বৰ্তমান তেওঁৰ স্বামীৰ সৈতে হোৱা মনোমালিন্যৰ বিষয়েও উল্লেখ কৰে।

You might also like