নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ত জালুকবাৰী সমষ্টি দখল কৰিব এজেপিয়েঃ ১০০ শতাংশ নিশ্চিত লুৰিণজ্যোতি গগৈ

নিযমীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ ২০২১ত জালুকবাৰী সমষ্টি দখল কৰিব নৱগঠিত আঞ্চলিক দল এজেপিয়ে। এই দাবী কৰিছে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।

জালুকবাৰী সমষ্টিৰ বিধায়ক ড০ হিমন্ত বিশ্ব শৰ্মাক পৰাজিত কৰিব পাৰিব বুলি ১০০ শতাংশ নিশ্চিতি দিয়ে গগৈয়ে। কালি শুৱালকুছিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে এক নিৰ্বাচনী সভাত ভাগ লয় লুৰিণজ্যোতি গগৈয়ে।

লুৰিণজ্যোতি গগৈয়ে কয়- ‘জাতীয়তাবাদৰ ধ্বজা যে এইবাৰ জালুকবাৰী সমষ্টিত উৰিব, সেয়া ১০০ শতাংশই নিশ্চিত। ইয়াত অসম জাতীয় পৰিষদৰ যে জয় হ’ব এই কথা আমি ইতিমধ্যে উমান পাইছো।’

আনহাতে লুৰিণজ্যোতি গগৈৰ মন্তব্য প্ৰসংগত সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক হিমন্ত বিশ্ব শৰ্মাই কয়- ‘জালুকবাৰী দেশৰ ভিতৰতে এটা বিশেষ সমষ্টি। লুৰিণজ্যোতি গগৈয়ে জালুকবাৰীলৈ গৈ প্ৰেৰণা পাব। জালুকবাৰীলৈ যোৱাটো ভাগ্যৰ কথা।’

ড০ শৰ্মাই লগতে উল্লেখ কৰে যে অসমৰে নহয় দেশৰ নতুন ৰাজনীতিকসকলে জালুকবাৰী সমষ্টি দৰ্শন কৰাটো প্ৰেৰণাদায়ক হ’ব, কিয়নো এটা সমষ্টিতে থকা এইমছ, আই আই টি, ইঞ্জিনীয়াৰিং কলেজ, পলিটেকনিক, ব্ৰিজ আদি বিভিন্ন উন্নয়নমূলক কামৰ পৰা তেওঁলোকে অনুপ্ৰেৰণা লভিব পাৰে।

You might also like