নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সকলোৱে প্ৰতিদিনে কৰিব লাগে এই ৫টা কাম, সফলতাৰ লগতে আহিব ভাল দিন

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ গৰুড় পুৰাণ ১৮ পুৰাণৰ ভিতৰত অন্যতম। এই শাস্ত্ৰত নীতিৰ অধ্যায় সন্নিৱিষ্ট আছে, য’ত মানৱ জীৱনৰ সমস্যা আৰু সুখী জীৱনৰ নীতিৰ কথা কোৱা হৈছে। তাত এনে কেইটামান নীতিৰ উল্লেখ আছে, যি সদায় আমি সদায় পালন কৰিব লাগে। যদি আপুনি আপোনাৰ দিন ভাল হোৱাটো বিচাৰে, তেতিয়া প্ৰতিদিনেই এইকেইটা কাম কৰক।
শ্লোক

स्नानं दानं होमं स्वाध्यायो देवतार्तनम्।
यस्मिन् दिने न सेव्यन्ते स वृथा दिवसो नृणाम्।।

এই শ্লোকৰ অৰ্থ এইটো যে আপুনি দৈনিক স্নান, দান, পূজা, জপ আৰু দেৱপূজন কৰিব লাগে।

স্নানঃ গৰুড় পুৰাণৰ মতে প্ৰত্যক ব্যক্তিয়ে দিনটোৰ আৰম্ভণি কৰাৰ আগতে স্নান কৰিব লাগে। ই আপোনাৰ শৰীৰটো পৱিত্ৰ কৰি ৰাখিব। লগতে ই আপোনাক দিনটো শক্তিৰে ভৰপূৰ কৰি ৰাখিব।

দানঃ নিজৰ সাধ্য অনুসৰি প্ৰত্যক দিনাই দান কৰিব লাগে। তেতিয়া আপোনাৰ ঘৰত ধনৰ সমস্যা কেতিয়াও নহ’ব। লগতে আপোনাৰ ঘৰত সুখ-সম্পত্তি ভৰপূৰ হৈ থাকিব।

ধূপ-ধুনা আৰু চাকি জ্বলোৱাঃ যদি আপুনি আপোনাৰ ঘৰত সুখ শান্তি বজাই ৰাখিব বিচাৰে তেতিয়া দৈনিক ধূপ-ধুনাৰ লগতে চাকি জ্বলাওক। দৈনিক এনে ধৰণৰ কাৰ্য কৰিলে বহুত শুভ বুলি ধৰা হয়।

জপ কৰাঃ জপ কৰিলে আমাৰ মন শান্ত হয়। জপ কৰিলে আপুনি ফল নিশ্চয় লাভ কৰিব। গতিকে সময় উলিয়াই শ্ৰদ্ধা আৰু বিশ্বাসেৰে জপ কৰক।

দেৱী-দেৱতাৰ পূজনঃ হিন্দু ধৰ্মত কোনো ধৰণৰ কাৰ্য কৰাৰ আগতে উপাস্য দেৱতাক পূজা কৰিলে বহুত শুভ বুলি ধৰা হয়, যাৰ বাবে প্ৰতিদিনাই স্নান কৰি উঠি নিজৰ উপাস্য দেৱতাক পূজা-অৰ্চনা কৰিব লাগে। এনে কৰিলে পৰিয়ালকো সকলো সংকটৰ পৰা ৰক্ষা কৰিব পাৰিব।

You might also like