নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নক্সালৰ আক্ৰমণত ঝাৰখণ্ডত ৩ জোৱান শ্বহীদ

নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ ঝাৰখণ্ডত আজি পুৱা প্ৰায় ৮.৪৫ বজাত নক্সালৰ আইইডি বিস্ফোৰণত শ্বহীদ হয় ৩ জোৱান।

পশ্চিম সিংভূম জিলাৰ হোয়াহাটু গাঁৱৰ কাষত সংস্থাপন কৰা আইইডি বিস্ফোৰণৰ ফলত ৩ আৰক্ষী জোৱানৰ লগত ৩গৰাকী আহত হয়।

আহতৰ এগৰাকী চি আৰ পি এফৰ জোৱান বুলি জানিবলৈ দিছে ঝাৰখণ্ড প্ৰশাসনে। বিস্ফোৰণৰ পিছতে আৰক্ষীয়ে অঞ্চলটোত আৰম্ভ কৰিছে ব্যাপক তালাচী।

You might also like