নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ অৱলম্বন কৰক এই পদ্ধতি…

বিশেষ বাৰ্তা, ১৩ আগষ্ট :  চেষ্টা কৰিও একো মনত পেলাব পৰা নাই। পুৰণি কথাবোৰ মনত পৰিলেও পুৱা কিহেৰে ভাত খাইছিল, মনত নাই। বজাৰলৈ যাওঁতে আনিবলৈ যোৱা সামগ্ৰী পাহৰি যোৱা বা ৰাস্তাত হঠাতে লগ পালেও দূৰৈৰ আত্মীয়ক চিনিব নোৱাৰা সমস্যাৰ সন্মুখীন হয় বহুতে। স্মৃতিভ্ৰম কিমান বিপজ্জনক হ’ব পাৰে, তাৰ উদাহৰণ ডিমেনচিয়া। এই ৰোগৰ কাৰণ সঠিকভাৱে কোৱা টান। চিকিৎসা প্ৰক্ৰিয়াও যথেষ্ট দীঘলীয়া। কিন্তু ‘ইউ চি আই চেণ্টাৰ ফৰ দ্য নিউৰ’বায়’লজী অৱ লাৰ্নিং এণ্ড মেম’ৰী’ৰ এক অধ্যয়নত কোৱা হৈছে যে কিছুমান বিশেষ আৱশ্যকীয় তেলৰ সহায়ত এই ধৰণৰ স্নায়ুৰ জটিলতা প্ৰতিৰোধ কৰিব পৰা যায়। এক গৱেষণাৰ পৰা সেই তথ্য পোহৰলৈ আহিছে। কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে ছমাহ পূৰ্বে ঘটা কিবা এটা মনত ৰখাত অসুবিধা হোৱা লোকৰ ওপৰত এক অধ্যয়ন আৰম্ভ কৰে। কিছুমান সুগন্ধি তেল নিয়মিতভাৱে তেওঁলোকৰ শোৱা কোঠাত ৰখা হয়। এটা নিৰ্দিষ্ট সময়ৰ পিছত গৱেষকসকলে অংশগ্ৰহণকাৰীসকলৰ মাজত আশা কৰা ধৰণৰ ফলাফল দেখে। অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ ঘৰত ৬টা ভিন্ন সুগন্ধিযুক্ত আৱশ্যকীয় তেল যেনে- গোলাপ, লেভেণ্ডাৰ, কমলা, ইউকেলিপ্টাছ, নেমু, পদিনা আৰু ৰোজমেৰী ৰাখিবলৈ কোৱা হয়। ফলত নিশা সকলোৱে শান্তিৰে শুবলৈ সক্ষম হৈছিল বুলি অংশগ্ৰহণকাৰীসকলে জানিবলৈ দিয়ে। ইউচিআইৰ এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে “সুগন্ধিৰ ওপৰত পূৰ্বৰ গৱেষণাৰ পৰা দেখা গৈছে যে দীৰ্ঘ সময়ৰ ভিতৰত প্ৰায় ৪০টা ভিন্ন গোন্ধে বহু লোকৰ স্মৃতিশক্তি উন্নত কৰাত সহায় কৰিছে। এই সুগন্ধি-থেৰাপীয়ে ডিমেনচিয়াৰ দৰে দীৰ্ঘদিনীয়া ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত আশাৰ ৰেঙনি দেখুৱাইছে।”

You might also like