নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাগিচা পাতক মানসিক চাপ হ্রাস কৰক

শীতৰ আগমনলৈ এতিয়া বেছি দিন নাই৷ শীত অহাৰ লগে লগে প্রায় প্রত্যেকে ঘৰতে একোখন সৰুকৈ হ’লেও বাগিচা কৰে৷ জ্যেষ্ঠ ব্যক্তিসকলেও অতি আগ্রহেৰে বাগিচাৰ কামত নিজকে ব্যস্ত ৰখা দেখা যায়৷ বাগিচাত কাম কৰিলে আনন্দ আৰু স্বাস্থ্যৰ পক্ষে যথেষ্ট ইতিবাচক ফলাফল পোৱা যায়৷ জ্যেষ্ঠসকলে সেয়েহে ঘৰতে সৰুকৈ এখন পাচলি বা ফুলৰ বাগিচা কৰিব পাৰে৷ জ্যেষ্ঠসকলে পাব পৰা সুফলসমূহ হ’ল–
বাগিচাৰ কর্মই মানসিক চাপ হ্রাস কৰেঃ গৱেষণাত প্রকাশ পাইছে যে বাগিচাত কাম কৰাৰ ফলত বৃদ্ধ লোকসকলৰ কর্টিচলৰ স্তৰ হ্রাস পায় আৰু ইয়াৰ ফলত ব্যক্তিজনৰ ভিন্ন কাৰণত হোৱা মানসিক চাপো হ্রাস হয়৷ আনকি উচ্চ ৰক্তচাপো হ্রাস পায়৷ গৱেষণাত ৬০ বছৰৰ ওপৰৰ কেইজনমান ব্যক্তি অতি চাপযুক্ত এটি কাম কৰিবলৈ দিয়াৰ পাছত দুটা ভাগ কৰি পুনৰ আধাঘণ্টাৰ বাবে এটা ভাগক বাগিচাত কাম কৰিবলৈ আৰু আন এটা ভাগক কিতাপ পঢ়িবলৈ দিয়া হৈছিল৷ আধাঘণ্টাৰ পাছত দেখা গৈছিল যে দুয়োটা দলৰ চাপ হ্রাস হৈছিল যদিও বাগানত কাম কৰাসকলৰ কর্টিচল আনটো দলতকৈ বেছি হ্রাস হৈছিল৷ আনকি বাগিচাত কাম কৰাসকলৰ মনৰো ইতিবাচক পৰিৱর্তন হৈছিল৷ তদুপৰি কাম কৰাৰ পাছত যিখিনি সময় তেওঁলোকে জিৰণি লৈছিল, সেই সময়খিনিত অতি শান্তিপূর্ণভাৱে তেওঁলোকে নিদ্রাও পূৰাব পাৰিছিল৷
বাগিচাত কাম কৰিলে হূদৰোগীৰ সমস্যা হ্রাস হয় আৰু ষ্ট্র’কৰ সম্ভাৱনা হ্রাস হয়ঃ বাগিচাত কাম কৰাটো একপ্রকাৰ ব্যায়ামৰে সমপর্যায়ৰ৷ ৩০ মিনিট সময় জ্যেষ্ঠ ব্যক্তিসকলক পাতল ব্যায়াম কৰিবলৈ বিশেষজ্ঞই পৰামর্শ দিয়ে৷ ব্যায়ামৰ পৰিৱর্তে বাগিচাত কাম কৰাৰ ফলত হার্ট এটেক আৰু ষ্ট্র’কৰ সমস্যা ৩০ শতাংশ হ্রাস পায়৷ তদুপৰি ৰ’দত কাম কৰাৰ ফলত ভিটামিন ডিৰ লেভেল শৰীৰত বৃদ্ধি পায় আৰু হূদৰোগৰ শংকা হ্রাস হয়৷
বাগিচাত কাম কৰিলে মগজুৰ স্বাস্থ্য ভাল হয়ঃ চিকিৎসা বিজ্ঞানৰ দ্রুত উন্নতিয়েও এলঝেইমাৰ ৰোগৰ কাৰণ বিচাৰি পোৱা নাই৷ গৱেষকে প্রমাণ কৰিছে যে ইতিবাচক জীৱন চর্চাই এলঝেইমাৰৰ সম্ভাৱনা হ্রাস কৰে৷ ডিমেনচিয়াৰ সম্ভাৱনাও ই হ্রাস কৰে৷
বাগিচাত কাম কৰিলে কেল্ৰি হ্রাস হয়ঃ গছপুলি ৰোপণ আৰু বন নিৰালে দুশৰ পৰা চাৰিশ কেল্ৰি হ্রাস হয়৷ বাগিচাত কাম কৰাৰ সময়ত শৰীৰটো ভাজ কৰাব লগা হয় আৰু শৰীৰৰ ভিন্ন অংগত হেঁচা পৰে৷ ই এক অতি উন্নত ব্যায়ামলৈ পৰিণত হয়৷ গতিকে বাগিচাত কাম কৰাৰ ফলত শৰীৰৰ কার্যক্ষমতা বৃদ্ধি পায়৷
জ্যেষ্ঠসকলৰ বাবে বাগিচাত কাম কৰাৰ সুৰক্ষিত কৌশল–
বাগানত কামৰ সময়ত ব্যক্তি এজন পৰি যোৱা বা ভৰি মোচোকা খোৱা আদি ভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ সেয়েহে জ্যেষ্ঠ লোকসকলে বাগিচাত কাম কৰাৰ সময়ত কিছুমান সাৱধানতা অৱলম্বন কৰা প্রয়োজন৷ এইসমূহ হ’ল–
গছ বা ফুলপুলি অথবা অন্য পাচলি আদি ৰুবলৈ ওখ ভেটি বা ওখ পাত্র ব্যৱহাৰ কৰিবঃ ওখ ভেটিত কাম কৰিলে আপোনাৰ কঁকালত হেঁচা নপৰে৷ কাৰণ এইসমূহ আপোনাৰ কঁকালৰ সমানে ওখ হ’ব৷ এজন জ্যেষ্ঠ ব্যক্তিৰ বাবে কোনোধৰণৰ মাংসপেশীৰ আঘাত নোহোৱাকৈ এনে পাত্রত খেতি কৰিবলৈ বা বাগিচা কৰিবলৈ সহজ হয়৷
পৰম্পৰাগত সঁজুলিৰ পৰিৱর্তে পাতল সঁজুলি ব্যৱহাৰ কৰিবঃ সময়ৰ লগে লগে আপুনি পূর্বে ব্যৱহাৰ কৰা খেতি কৰা সঁজুলিবোৰ আপোনাৰ বাবে গধুৰ হৈ পৰে৷ সেয়েহে বজাৰত সহজে পোৱা পাতল সঁজুলিৰে মাটি খোঁচৰা, পানী যোগান দিয়া সামগ্রী ক্রয় কৰি ল’ব৷
বাগিচাত কাম কৰা সময়ত সূর্যৰ তাপৰ পৰা হাত সাৰি থাকিবঃ সূর্যৰ প্রখৰ তাপৰ পৰা হাত সাৰিবলৈ তাপ কমাৰ পাছতহে বাগানলৈ যাব৷ ইয়াৰ বাবে পুৱা আৰু আবেলি আপোনাৰ বাবে উপযুক্ত সময়৷ সমগ্র শৰীৰত ছানস্ক্রীন লোচন লগোৱাৰ লগতে ছাতি ব্যৱহাৰ কৰিব৷ ঘৰৰ পৰা দূৰৈত যদি বাগিচাখন পাতে, তেনেহ’লে পানীৰ বটল, ফলৰ ৰস আদি লগত লৈ যাব৷
ফার্ষ্ট এইড কিট লগত ৰাখিবঃ বাগিচাত কাম কৰাৰ সময়ত কাটিব পাৰে বা পোক আদিয়ে কামুৰিব পাৰে৷ সেয়েহে ফর্াষ্ট এইড কিট এটা লগত ৰাখিব৷
নিজৰ সামর্থ্য অনুসৰিহে কাম কৰিবঃ যিহেতু আপোনাৰ বয়স বাঢ়িছে সেয়েহে পূর্বৰ দৰে দীর্ঘসময় আপুনি শাৰীৰিক পৰিশ্রম কৰিব নোৱাৰে৷ কামটো উপভোগ্য তেতিয়াহে হ’ব, যেতিয়া আপুনি নিজক সুৰক্ষিত কৰি কামটো কৰিব৷ সেয়েহে ভাগৰ লাগিলে জিৰণি ল’ব৷

You might also like