নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাপ্তবয়স্কসকলৰ বাবে ব্যায়ামৰ পৰামর্শ

¨ যিকোনো ব্যায়াম কার্যসূচী আৰম্ভ কৰাৰ আগতে চিকিৎসকৰ সৈতে আলোচনা কৰক৷ আপুনি গ্রহণ কৰা কোনো ঔষধে বা আপোনাৰ স্বাস্থ্যৰ অৱস্থাই আপুনি বাছনি কৰা ব্যায়ামক প্রভাৱিত কৰিব নেকি জানি লওক৷
¨ আপুনি ভাল পোৱা কাম এটা বাছি লওক আৰু সেই কামটো অব্যাহত ৰাখিবলৈ নিজকে অনুপ্রাণিত কৰক৷ আপুনি এটা গোটত ব্যায়াম কৰিবলৈ বিচাৰিব পাৰে, যেনে– ক্রীডা বা শ্রেণীকোঠাত৷ সাঁতোৰৰ দৰে ব্যক্তিগত ব্যায়াম কৰিব পাৰে৷
¨ লাহে লাহে আৰম্ভ কৰক৷ যদি আপুনি নতুনকৈ ব্যায়াম কৰিবলৈ আৰম্ভ কৰিছে, তেনেহ’লে প্রতিদিনে কেইমিনিটমান সময়ৰ ব্যায়ামে স্বাস্থ্যকৰ অভ্যাস গঢ়াত সহায় কৰিব৷লাহে লাহে ব্যায়ামৰ সময় বৃদ্ধি কৰিব৷
¨ ব্যায়াম আৰম্ভ কৰাৰ এটা সুন্দৰ উপায় হৈছে খোজকঢ়া৷ব্যায়ামৰ অর্থ কঠোৰ কার্যকলাপ বা জিমত সময় কটোৱা নহয়৷ দৰাচলতে সুস্থ হৈ থকাৰ সর্বশ্রেষ্ঠ উপায় হৈছে খোজকঢ়া৷ ইয়াৰ বাবে কোনো সঁজুলি বা অভিজ্ঞতাৰ প্রয়োজন নাই আৰু যিকোনো ঠাইতে আপুনি ইয়াক কৰিব পাৰে৷
¨ বন্ধু বা পৰিয়ালৰ সদস্যৰ সৈতে ব্যায়াম কৰক৷ আপোনালোকে ইজনে সিজনক অনুপ্রাণিত কৰি কৰিব পাৰে৷ ইয়াৰ পৰা আপুনি শাৰীৰিকভাৱে লাভান্বিত হোৱাৰ লগতে সামাজিক সম্পর্কৰ পৰাও লাভান্বিত হ’ব৷

You might also like