নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০৫০ চনৰ ভিতৰত ৮০ শতাংশলোকে দূৰদৃষ্টি হেৰুৱাব …

দীঘলীয়া সময়ৰ বাবে কম্পিউটাৰ বা মোৱাইল ব্যৱহাৰ কৰে নেকি ? যদি কৰে অলপ সাৱধান হওক। ইংলেণ্ডৰ গৱেষকসকলে এটা সৰ্তকবাণী জাৰি কৰিছে -অধিক সময় কম্পিউটাৰ, মোৱাইল ব্যৱহাৰ কৰিলে দূৰৱৰ্তী দৃষ্টিশক্তি দুৰ্বল হ’ব পাৰে । বৈজ্ঞানিক ভাষাত যাক “মায়োপিয়া” বুলি কোৱা হয় । গৱেষকসকলে জানিবলৈ দিয়ে যে অধিক সময় মোৱাইল ,কম্পিউটাৰ ব্যৱহাৰ কৰিলে ৩৩ বছৰ বয়সৰ ভিতৰৰ লোকৰ মায়োপিয়া হোৱাৰ আশংকা ৮০ শতাংশ । স্মাৰ্টফোনৰ পৰা মায়োপিয়া হোৱা আশংকা ৩০ শতাংশ আৰু কম্পিউটাৰ অধিক ব্যৱহাৰ কৰিলে ৮০ শতাংশলৈ বৃদ্ধি হ’ব পাৰে । ২০৫০ চনলৈ ই মানুহৰ ওপৰত বেয়া প্ৰভাৱ পেলাব বুলি জানিবলৈ দিয়ে ।

গুৰুত্বপূৰ্ণ কথাটো হ’ল যে- বিশ্ব স্বাস্থ্য সংস্থাই ২০১৯ চনত ২ বছৰতকৈ সৰু শিশুসকলক মোৱাইল বা কম্পিউটাৰ ব্যৱহাৰত বাধা দিয়াৰ কথা কৈছিল । আৰু ২ বছৰৰ পৰা ৫ বছৰৰ ভিতৰৰ শিশুক এঘণ্টাতকৈ অধিক সময় মোৱাইল ,কম্পিউটাৰ ব্যৱহাৰ কৰাটো উচিত নহয় বুলি জনাইছিল । সেই বছৰতে ব্ৰিটেইনৰ ২০০০ পৰিয়ালৰ লোকপিয়ল জৰীপত এক তথ্য প্ৰকাশ পাইছিল যে – শিশুৱে সপ্তাহত ২৩ ঘণ্টা পৰ্দাৰ সন্মুখত সময় অতিবাহিত কৰিছে । লকডাউনৰ সময়ত অধিক সময় অতিবাহিত কৰিছিল । যিটো কথাই এতিয়া সকলোকে চিন্তিত কৰি তুলিছে ।

You might also like