নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 চাৰিশ বছৰ পূৰণি ৰজাঘৰীয়া ৰীতি-নীতিৰে বগৰীবাৰীৰ মা মহামায়া মন্দিৰত দুৰ্গা পূজা 

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বগৰীবাৰীৰ ঐতিহাসিক মহামায়া মন্দিৰত চাৰিশ বছৰীয়া পূৰণি ৰজাঘৰীয়া ৰীতি নীতিৰে ব্যতিক্ৰম ধৰ্মী দূৰ্গা পূজা আজি দেবীৰ মহাষষ্ঠী পূজাৰ জৰিয়তে আৰম্ভ হয়। নামনি অসমৰ শক্তিপীঠ হিচাপে খ্যাতি বিজৰিত হৈ থকা এই পূজা ষোল্লশ শতিকাৰ শেষৰ ফালে বগৰীবাৰী পৰ্বতজোয়াৰ ষ্টেটৰ জমিদাৰ হাতীবৰ চৌধুৰীৰ তত্বাৱধানত মহামায়া মন্দিৰত পূৰণি ৰজাঘৰীয়া ৰীতিনীতিৰে ব্যতিক্ৰমধৰ্মী এই দূৰ্গা আৰম্ভ হৈছিল ।

তাহানি কালৰে পৰা আৰম্ভ হোৱা এই পূজাত দেবীৰ কোনো মূৰ্ত্তি নাই। মহাষষ্ঠীৰ দিনা দেবীৰ বোধনৰ মাজেদি ঘট্ স্হাপন কৰি ষোড়শোপচাৰ পদ্ধতিৰে দেবী দূৰ্গাৰ পূজা আৰম্ভ হয়। এই পূজাৰ বিশেষত্ব হৈছে প্ৰতিদিন অঙ্গীয় চন্ডী পাঠ, প্ৰতিদিন এহেজাৰকৈ বিল্বপত   দান,দূৰ্গামন্ত্ৰ জপ,বটুক পূজা ও পাঠ আৰু হোম যজ্ঞ অনুষ্ঠিত হয় ।লগতে দেবতা পাগল নাথ,পদ্মা,কালী পঞ্চ দেবতাৰে পূজা হয়। পূজা স্থলিত প্ৰতি পদ্মাপুৰানৰ গীতৰ প্ৰচলন আছে । ষষ্ঠী দিনাৰ পূজাৰে পৰা প্ৰতিদিন পঠা, পাৰ, হাঁহ ,মাগুৰ মাছ বলি দিয়াৰ পৰম্পৰা আছে যদিও বৰ্তমান প্ৰচলিত আইনগত কাৰণত বন্ধ হৈছে । লগতে প্ৰতিদিন ২কুইন্টল পৰিমাণ চাউলৰ ভোগ দিয়াটো পৰম্পৰাগতভাবে চলি আছে । প্ৰতি বছৰৰে মহানবমীৰ দিনা লক্ষ বলি দিয়াৰ পৰম্পৰা আছে যদিও চৰকাৰে বান্ধি দিয়া কভিড প্ৰটোকল মানি অনুষ্ঠিত কৰা হব বুলি জানিব পৰা গৈছে।

ষ্মত্বৰ্ব্য যে ,এই পূজাত নতুনকৈ কোনো বেলেগ পুৰোহিতে পূজা কৰিব নোৱাৰে । চাৰিশ বছৰ পূৰ্বে মা মহমায়াই সপোনত কন্দৰ্প নাৰায়ণ ব্ৰহ্মচাৰীক পূজা অৰ্চনা কৰাৰ আদেশ দিয়াৰে দিনৰ পৰা তেওঁৰ পৰিয়ালৰ লোকেই কেবল এই পূজা কৰাটো পৰম্পৰাগত ভাৱে চলি আহিছে । এই পূজা দৰ্শন কৰিবলৈ দেশ বিদেশৰ পৰা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ এই পূজা দৰ্শন কৰিবলৈ দেশ বিদেশৰ পৰা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয় ।

Input: পাৰ্থ সাৰথি চক্ৰৱৰ্তী

You might also like