নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্যকৰ যৌন সম্পৰ্ক … উদ্বেগ ইৰেক্টাইল ডিচফাংচন আৰু অকাল স্খলন …

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ  সুন্দৰ জীৱনৰ বাবে স্বাস্থ্যকৰ যৌন সম্পৰ্ক অতিকৈ প্ৰয়োজন । কিন্তু প্ৰায়ে বহু পুৰুষে শাৰীৰিক সম্পৰ্কত তেওঁলোকৰ সময়ক লৈ চিন্তিত হোৱা দেখা যায় । এই সমস্যাসমূহৰ বিষয়ে মুকলিকৈ আলোচনা হোৱাৰ প্ৰয়োজন । কিন্তু আলোচনা হোৱা দেখা নাযায় ।

যৌন ঔষধ সমীক্ষাৰ গৱেষণা অনুসৰি ৯ ৰপৰা ২৫ শতাংশ পুৰুষৰ উদ্বেগ ইৰেক্টাইল ডিচফাংচন আৰু অকাল স্খলন হয় । এই পৰিসংখ্যাবোৰে এটা কথা প্ৰমাণ কৰে যে প্ৰদৰ্শনৰ উদ্বেগ এক সাধাৰণ সমস্যা । কিন্তু স্বাস্থ্যকৰ যৌন জীৱনৰ বাবে এই সমস্যাবোৰ দূৰ কৰিব লাগিব । বিশেষজ্ঞসকলে জানিবলৈ দিয়ে যে- যৌন সম্পৰ্কত সমস্যা আৰু অসন্তুষ্টি থাকিলে দম্পতীসকলৰ বৈবাহিক জীৱন ধ্বংস হ’ব পাৰে । আজিও বহুলোকে যৌনতাৰ সম্পৰ্কে মুকলিকৈ কথা নাপাতে । বহুতে লজ্জা অনুভৱ কৰে । প্ৰদৰ্শনৰ উদ্বেগ মহিলা ,পুৰুষ দুয়োৰে ক্ষেত্ৰত দেখা যায় । কিন্তু যেতিয়া প্ৰদৰ্শনৰ উদ্বেগৰ সমস্যা নিয়মীয়া হৈ পৰে তেতিয়া যৌন জীৱনৰ লগতে ,মানসিক স্বাস্থ্যতো যথেষ্ঠ প্ৰভাৱ পেলায় ।
কিন্তু এই সমস্যাৰ সমাধান কি ?
মনোবিজ্ঞানী ডা: প্ৰেৰণা বাৰ্মাই ব্যাখ্যা কৰে যে- প্ৰায় ৯০ শতাংশ পুৰুষ-মহিলাৰ প্ৰথমবাৰৰ বাবে যৌন সম্ভোগ কৰোঁতে প্ৰদৰ্শনৰ উদ্বেগ থাকে । সেয়ে দম্পতিসকলে ইজনে আনজনক বুজিবলৈ সময় দিব লাগিব । ইজনে আনজনক মন আৰু শৰীৰ পৰা সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব লাগিব । ইয়াৰোপৰি মানসিক চিকিৎসা আৰু উদ্বেগ প্ৰতিৰোধী ঔষধ খোৱাৰ প্ৰয়োজন । সপ্তাহত পাৰিলে ২০ৰপৰা ৩০ মিনিট সময় ব্যায়াম কৰিলেও প্ৰদৰ্শন উদ্বেগৰ স্তৰ হ্ৰাস হ’ব ।

You might also like