নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰনা দাধৰাৰ এৰাপথাৰত যুৱতীক শ্লীলতা হানিৰ অপচেষ্টা ধলপুৰৰ ব্যৱসায়ীৰঃ এজাহাৰ দাখিল

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তথা শিমলুগুৰি আৰক্ষী চকীৰ ১ নং এৰাপথাৰ গাঁৱত চিত্ৰালেখা গগৈ এগৰাকী অকলসৰীয়া যুৱতীক শ্লীলতা হানিৰ অপচেষ্টাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ধলপুৰৰ এগৰাকী হিন্দীভাষী ব্যৱসায়ী পপী আগৰৱালা আৰু তেওঁৰ কৰ্মচাৰী লক্ষ্য গগৈৰ বিৰুদ্ধে ৷

ভুক্তভোগী যুৱতীগৰাকীৰ ভাষ্য অনুসৰি বিগত সপ্তাহৰ শুকুৰবাৰৰ সন্ধিয়া প্ৰায় ৫-৬ বজাৰ ভিতৰত যুৱতীগৰাকীৰ বাসগৃহৰ সন্মুখত লোৰ গেটত ব্যৱসায়ী পপী আগৰৱালা আৰু কৰ্মচাৰী লক্ষ্য গগৈ নামৰ দুগৰাকী লোকে অভব্য আচৰনেৰে চিঞৰি মাতি থকাৰ উমান পায় অনলাইন ক্লাছত ব্যস্ত চিত্ৰালেখা গগৈ ওলাই ঘৰৰ বাৰান্দাৰ পৰা দুয়োকে ইংগিতেৰে কিছু পৰ ৰ’বলৈ কয় যদিও ক্ষান্ত নোহোৱা দুয়োগৰাকী আন্ধাৰৰ সুযোগত গেটত গুৰিয়াই ভিতৰলৈ সোমোৱাৰ চেষ্টা চলাই ৷ যুৱতীগৰাকীৰ মাতৃক বিচাৰি হুলস্থূল কৰা দুয়োৰে সমীপলৈ গৈ যুৱতীগৰাকীয়ে মাতৃ ৰাজুমাই গগৈ নামঘৰত বন্তী জ্বলাবলৈ যোৱা বুলি জানিবলৈ দিয়াৰ লগতে তেওঁ অনলাইন ক্লাছত ব্যস্ত বুলি জানিবলৈ দিয়াৰ লগে লগে দুয়ো গেটত গুৰিয়াই ঘৰৰ ভিতৰলৈ সোমোৱাৰ চেষ্টা চলাই যুৱতীগৰাকীক অকথ্য গালি গালাজ কৰাৰ লগতে শ্লীলতা হানিৰ চেষ্টা কৰে ৷

পৰিস্থিতি ভীষন হোৱা দেখি যুৱতীগৰাকীয়ে উচ্চস্বৰত চিঞৰাত দুয়ো প্ৰানে মৰাৰ ভাবুকি প্ৰদান কৰি গেটৰ কাষৰ পৰা মটৰ চাইকেল লৈ আতঁৰি যায় ৷ বাংগালোৰোত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা আৰু নিজেও শিক্ষাদান কৰি অৰ্থ উপাৰ্জন কৰি থকা যুৱতীগৰাকীয়ে কোনো কথা বুজিব নোৱাৰি বিমূৰ্ত হৈ পৰাৰ সময়তে মাতৃয়ে খবৰ পায় নামঘৰৰ পৰা উভতি আহি সবিশেষ বুজ লৈ দুয়ো প্ৰাণৰ শংকাত শংকিত হৈ পৰে ৷ সৰুৰে পৰা ঘৰত বাহিৰত থকা যুৱতীগৰাকীয়ে দুব্যৱহাৰকাৰী দুয়োজনৰে কোনো জনক চিনিব নোৱাৰিলে ৷ ধলপুৰ-শিমলুগুৰি গড়কাপ্টানি পথৰ দাঁতিত থকা বাসগৃহটোত দুগৰাকী লোকৰ আক্ৰমনত শংকিত মাতৃ-কন্যাই দুয়োৰে পৰিচয় বিচাৰ খোছাৰ কৰি থাকোতে সোমবাৰৰ দিনা এগৰাকী লোকে ফোন যোগ জানিবলৈ দিয়ে উক্তদিনা তেওঁলোকৰ ঘৰলৈ ধলপুৰৰ এম ডি এন্টাৰপ্ৰাইজৰ ব্যৱসায়ী পপী আগৰৱালা আৰু লগত কৰ্মচাৰী লক্ষ্য গগৈ যোৱা সম্পৰ্কে ৷ এই কথা জানিব পাৰি দুয়ো মাতৃ-কন্যাই শিমলুগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিবলৈ যায় ৷ কোটিপতি ব্যৱসায়ীজনৰ নাম শুনাৰ পাছত আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শান্তিৰাম গয়াৰীয়ে চকীৰ চৌহদতে ৰাতিলৈলে বহু পৰ বহুৱাই ৰাখে ৷ আৰক্ষী বিষয়াগৰাকীক পুনৰ এজাহাৰ দিবলৈ যোৱা সময়ত বিষয়াগৰাকীয়ে এগৰাকী জনৈক গগৈ উপাধিৰ উকীলক দেখুৱাই কয় বিষয়টো তেওঁৰ জৰিয়তে মীমাংসা কৰি লওক অন্যৰ্থা এজাহাৰ গ্ৰহণ নকৰো ৷

উপায়হীন হৈ মাতৃ-কন্যাই আৰক্ষী চকীত এজাহাৰ জমা কৰি ঘৰমুৱা হয় আৰু মংগলবাৰে বিহপুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিব লগা হয় ৷ বিহপুৰীয়া থানাই কেছ নম্বৰ ৫৬২/২১, ভাৰতীয় দন্ডবিধি আইনৰ ধাৰা ২৯৪/৫০৬ অনুসৰি গোচৰ ৰুজ্জু কৰিছে ৷

আনহাতে ব্যৱসায়ী পপী আগৰৱালাৰ পৰা জানিবলৈ দিয়া অনুসৰি উক্ত দিনা তেওঁ আৰু কৰ্মচাৰী লক্ষ্য গগৈ সন্ধিয়া পৰত ৰাজুমাই ঘৰলৈ গৈছিল পাবলৈ থকা ধন বিচাৰি ৷ গেটৰ দুৱাৰ মৰা দেখি ঘৰৰ ভিতৰতে থকাৰ সন্দেহ কৰি ডাঙৰকৈ মাতিছিল যদিও কন্যা চিত্ৰালেখা গগৈয়ে ইয়াকে লৈ তেওঁলোকক অপদস্থ কৰাৰ অভিযোগ তোলে ৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল সন্ধিয়া আন্ধাৰৰ সুযোগ লৈ অকলসৰে থকা ৰাজুমাই গগৈ ঘৰলৈ কিয় গৈছিল ব্যৱসায়ীজন আৰু বাহিৰত পঢ়ি থকা কন্যাক দেখাৰ পাছতো কিয় ঘৰৰ ভিতৰলৈ সোমাৱলৈ উদ্যত হৈছিল এই লৈ ব্যাপক চৰ্চা অব্যাহত আছে ৷ আনহাতে গুৰুত্বপূৰ্ণ কথাটো হ’ল শিমলুগুৰি আৰক্ষীয়ে বিষয়টো তদন্ত নকৰাকৈ একমাত্ৰ ব্যৱসায়ী গৰাকীৰ পক্ষলৈ বিষয়টো গাপ দিয়াৰ চেষ্টা চলোৱা আৰঁত ৰহস্যই আৰক্ষীৰ ভুমিকা সাধাৰণ জনতাৰ মাজত স্তিমিত হোৱা পৰিলক্ষিত হৈছে ৷ শিমলুগুৰি আৰক্ষী চকীত ন্যায় বিচাৰি যোৱা সাধাৰণ লোকক আৰক্ষীয়ে ভয় ভীতি প্ৰদৰ্শন কৰি হাৰাশাস্তি কৰা আৰু অপৰাধীৰ পক্ষ লোৱাটো কোনো নতুন কথা নহয় ৷ বিগত দিনত এনে বহু অভিযোগত অভিযুক্ত আৰক্ষী চকীখন ৷ এনে পৰিস্থিতিত ৰাজ্যত আৰক্ষী ব্যৱস্থাৰ ফোপোলা স্বৰুপটো পুনৰ বাৰ প্ৰমাণ হৈছে ৷ সম্প্ৰতি এগৰাকী অকলসৰীয়া অৱস্থাত এগৰাকী যুৱতীক শ্লীলতা হানিৰ চেষ্টা চলোৱা ব্যৱসায়ীজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়েহে ক’ব ৷
দেৱজ্যোতি কাকতি, শিমলুগুৰি

You might also like