নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাসুগাঁৱত এইবেলি মুঠ ২২ খন দুৰ্গাপূজা

 নিয়মীয়া বাৰ্তা  ১২ অক্টোবৰ : কোৰোণা কালৰ মাজতো এইবেলি বাসুগাঁও চহৰত মুঠ ২২ খন দুৰ্গাপূজা অনুষ্ঠিত হৈছে । চৰকাৰ তথা স্বাস্থ্য বিভাগৰ পৰা জাৰি কৰা ক’ভিড প্ৰটকল পালন অনুসৰি প্ৰতিটো দুৰ্গাপূজা সমিতিয়ে সাৱধানতা অৱলম্বন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে । ইপিনে সম্ভাব্য কূটাঘাতমূলক ঘটনা যাতে দুৰ্গোৎসৱৰ সময়ত সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা আৰক্ষী প্ৰশাসন ফালৰ কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । প্ৰতিদিনে আৰক্ষীৰ বিশেষ শাখাৰ দলে ঘুৰি ঘুৰি বাসুগাঁও চহৰৰ প্ৰতিটো পূজা মণ্ডপত মেটেল ডিটেক্টৰে দি তন্ন তন্ন কৈ পৰীক্ষা চলাই আছে ।

ইতিমধ্যেই বাসুগাঁও চহৰৰ বাটপথ বিধ্বস্ত কৰা এনটিপিচিৰ ছাই কঢ়িয়াই নিয়া গধূৰ টেঙ্কাৰ সমূহ দুৰ্গাপূজাৰ দুদিন আগতীয়াকৈ যাতায়ত বন্ধ কৰিবলৈ বাসুগাঁও দুৰ্গাপূজা সমন্বয়ৰক্ষী সমিতি ফালৰ পৰা জিলা প্ৰশাসনক অনুৰোধ কৰা হৈছিল , সেইমতে জিলা প্ৰশাসনৰ পৰা আশ্বাস দিয়া হৈছিল কিন্তু দুৰ্ভাগ্যজনক কথা যে কালি নিশালৈকে উক্ত এনটিপিচিৰ ছাই কঢ়িয়াই নিয়া টেঙ্কাৰ সমূহ চলাচল কৰা দুৰ্গাপূজা সমিতি সমূহৰ উপৰি বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। দুৰ্গাপূজাৰ প্ৰতি লক্ষ্য ৰাখি আৰ্থিক ভাবে দুৰ্বল লোক সকলৰ সহায় কৰিবলৈ বাসুগাঁৱৰ স্বেচ্ছাসেৱী সংস্থা হেল্পিং হেণ্ড আগবাঢ়ি আহে । আজি মহাসপ্তমী পূজাৰ দিনা স্বেচ্ছাসেৱী সংস্থা হেল্পিং হেণ্ডৰ সদস্য সকলে বাসুগাঁও চহৰৰ বিভিন্ন পূজাৰ মণ্ডপত গৈ অৰ্দ্ধ শতাধিক দুখীয়া লোকক বস্ত্ৰ দান কৰে । ইপিনে বাসুগাঁও সুভাষনগৰ নতুন দুৰ্গাপূজা সমিতি আৰু বাসুগাঁও তৰুণ ক্লাব দুৰ্গাপূজা সমিতি ফালৰ পৰাও দুখীয়া মহিলা সকলৰ মাজত বস্ত্ৰ দান কৰা হয় ।
ভৃগু মুনি ৰায়, বাসুগাঁও,

You might also like