নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেমত প্ৰতাৰিত হোৱাৰ পিছত ৰাশিভেদে লোক সকলে কেনেকৈ নিজক নিয়ন্ত্ৰণ কৰে জানক…

নিয়মীয়া বাৰ্তা ১৯ মেঃ  জীৱনত যেতিয়া প্ৰেমত ব্যৰ্থ হয় তেতিয়া কোনো লোকৰ আত্মবিশ্বাস, আত্মসন্মানপ্ৰভাৱিত কৰে। কিছুমান লোক প্ৰেমত প্ৰতাৰাণা হোৱাৰ পিছত মনতে এক আভ্যন্তৰীণ সংগ্ৰাম চলে। কোনবাই কান্দে কোনবাই হয়তো নিচাসক্ত হৈ সময় পাৰ কৰে। কিন্তু ৰাশিভেদে বিভিন্ন আচৰণ কৰে প্ৰেমত প্ৰতাৰিত হোৱা লোকসকলে।

ভিন্ন ৰাশিৰ মতে প্ৰেমত প্ৰতাৰিত হোৱাৰ পিছত কেনেদৰে নিয়ন্ত্ৰণ কৰে জানো আহক।

কুম্ভ ৰাশিঃ এই জাতকৰ লোকসকলে প্ৰথমে প্ৰেমত প্ৰৱঞ্চনাৰ হোৱাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তাৰ পিছত বহুদিন নিজকে আতঁৰাই ৰাখে সকলোৰে পৰা। কুম্ভ ৰাশিৰ লোকসকলে বুজনি দিলেও বুজিবলৈ চেষ্টা নকৰে।

মেষ ৰাশিঃ এই জাতকৰ ৰাশিৰ লোকসকলে যদি প্ৰতাৰণাৰ সন্মুখীন হয় তেতিয়া তেওঁলোকে কণ্ঠৰ স্বৰ উচ্চ হয় যায়। যদি মেঘ ৰাশিৰ জাতকক প্ৰতাৰণা কৰিছে তেতিয়া কোনে প্ৰতাৰণা কৰিছে সকলোৱে গম পাই যায়।

কৰ্কট ৰাশিঃ এই ৰাশিৰ লোকসকলে প্ৰেমত প্ৰতাৰিত হ’লেও একো বিশেষ ভাবি নাথাকে। কৰ্কট ৰাশিৰ লোকসকলে বিশ্বাসঘাটকতা কৰা লোকসকলক নিশ্চত ভাৱে ক্ষমা কৰি দিয়ে আৰু এইবোৰৰ ওপৰত একো ভাবি নাথাকে।

মকৰ ৰাশিঃ যেতিয়া মকৰ ৰাশিৰ লোকসকলক প্ৰতাৰণা কৰে, তেওঁলোকে একো প্ৰতিক্ৰিয়া নিদিয়ে। তেওঁলোকে এইবোৰ প্ৰতিক্ৰিয়া দিবলৈ লাজ পায় আৰু নিজৰ মনতে সকলো কথা লুকুৱাই ৰাখে ।

মিথুন ৰাশিঃএই ৰাশিৰ জাতকৰ প্ৰেমত প্ৰতাৰিত হ’লে প্ৰতিক্ৰিয়া দিয়ে। অৱশ্যে, পৰৱৰ্তী সময়ত অধিক আক্ৰমণাত্মক হয়। প্ৰেমৰ বিশ্বাসঘাটকতাৰ বলি হলে ঘৃণাৰ চকুৰে চায় প্ৰতাৰক জনক।

সিংহ ৰাশিঃ সিংহ ৰাশিৰ লোকসকলে প্ৰেমত প্ৰতাৰিত হ’লে নিজৰ প্ৰেমক ঘূৰাই আনিবলৈ সকলো ধৰণৰ কষ্ট আৰু ত্যাগ কৰিবলৈ সাজু হৈ থাকে। পুৰণি প্ৰেমক নিজৰ কৰিবলৈ বহুতো বহুতো সৃষ্টিশীল উপায় বিচাৰি উলিয়াই।

তুলাঃ তুলা ৰাশিৰ লোকক প্ৰতাৰণা কৰাটো এটা ডাঙৰ ভুল। এই জাতকৰ ৰাশিৰ লোকসকলক বিশ্বাসঘাতকতা কৰিলে তাৰ প্ৰতিশোধ ল’ব। মুঠৰ ওপৰত প্ৰতাৰক জনে কেতিয়াও শান্তি নাপায়।

মীনঃ তেওঁলোকে প্ৰৱঞ্চনা সহ্য নকৰে আৰু যি প্ৰৱঞ্চনা কৰিছিল তেওঁক প্ৰতিশোধ ল’বলৈ কুণ্ঠাবোধ নকৰে।

ধনুঃ এই ৰাশিৰ লোকসকলক প্ৰতাৰণা তেওঁলোক সম্পূৰ্ণ ৰূপে ভাঙি পৰে। তেওঁলোকে নিজকে বুজাবলৈ বহুত সময় লয়।

বৃশ্চিক ৰাশিঃ এই ৰাশিৰ লোকসকলক প্ৰতাৰণা কৰে তেতিয়া প্ৰতাৰক জনৰ বহুত বিপদ হ’ব। প্ৰতাৰক জনৰ জীৱন বেদনাদায়ক কৰি তুলিব এই ৰাশিৰ লোক সকলে।

বৃষ ৰাশিঃ এই ৰাশিৰ লোকসকলে প্ৰতাৰিত হোৱাৰ পিছত নিজকে অকলশৰীয়া ভাৱে থাকি ভাল পায়। তেওঁলোকে কাকো এই বিষয়ে কাকো নকয়।

কন্যা ৰাশিঃ এই জাতকৰ ৰাশিৰ লোকসকলে প্ৰেমত প্ৰতাৰিত হলে প্ৰতাৰকৰ বিৰোধে মুকলিকৈ বিদ্ৰোহ কৰে।

You might also like