নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাষলতি তলৰ কলা দাগ কেনেকৈ আতৰাব…

নিয়মীয়া বাৰ্তা ১৫ জুনঃ  প্ৰায় সংখ্যক যুৱতীয়ে নিজৰ চেহেৰা, হাত,  ভৰি, নখৰ ভালদৰে যত্ন কৰে। কিন্তু প্ৰায় যুৱতীয়ে আকৌ নিজৰ কাষলতি তলৰ  ভালদৰে যত্ন  নলয়। যাৰ বাবে কাষলতি তলত কলা দাগ পৰা দেখা যায়। কাষলতি তল কলা পৰাৰ বাবে বহু সময়ত সমস্যাত পৰে যুৱতীসকল।  এনে সমস্যাৰ সমাধান ঘৰতে আছে।  ঘৰুৱা উপায় অৱলম্বন কৰি  এই কলা  দাগ আঁতৰ কৰিব পাৰি।

প্ৰথমতে জানিব লাগিব আমাৰ কাষলতি তল কিয় কলা পৰে।  অত্যাধিক ঘাম য’ত ইউৰিক এচিডৰ মাত্ৰা বেছি পৰিমাণে থাকে। পাৰফিউমৰ অত্যাধিক ব্যৱহাৰ। হেয়াৰ ৰিমাভাৰ ব্যৱহাৰ।

এইবিলাক কাৰণেই কাষলতি তল কলা পৰা দেখা যায়। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰুৱা উপায় ব্যৱহাৰ কৰিব পাৰি।

ইয়াৰ বাবে প্ৰথমে ১ চামুচ এলভেৰা জেল, ১ চামুচ টুথপেষ্ট, ১ চামুচ চুজ্জী, ১ চামুচ বেচন। এই সকলো খিনি একেলগে মিশ্ৰণ কৰি  কাষলতি তলত লগাব লাগে। তাৰ পিছত ইয়াক লগাই অলপ সময় বহিব লাগে। টুথপেষ্ট থকাৰ বাবে ঠাণ্ডা অনুভৱ হয়। যদি বেছি ঠাণ্ডা অনুভৱ অথবা জ্বলা পোৰা অনুভৱ হয় ইয়াক আঁতৰাই দিব লাগে।

যদি একো সমস্যাৰ সৃষ্টি নহয় তেতিয়া ১৫-২০ মিনিট কাষলতি তলত লগাই থব লাগে। ইয়াৰ পিছত আঙুলিৰে ১০ মিনিট সময় আঙুলিৰে মাচাজ কৰিব লাগে। তাৰ পিছত ভালদৰে চাফা কৰিব লাগে। অন্তত  এসপ্তাহত এনেধৰণৰ মিশ্ৰণ লগাব লাগে।

You might also like