নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ প্ৰথম হাইড্ৰ’জেন চালিত ৰে’লৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ জিন্দ ৰে’ল ষ্টেচনত জিন্দ–শনিপট পথত ভাৰতৰ প্ৰথম হাইড্ৰ’জেন চালিত ৰে’লৰ শুভাৰম্ভ কৰে। এই ৰে’লখনৰ শুভাৰম্ভৰ ফলত ভাৰতীয় ৰে’লৱেৰ পৰিষ্কাৰ, পৰিৱেশ-অনুকূল আৰু বহনক্ষম পৰিবহণ ব্যৱস্থাৰ দিশত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰিছে।

এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে ১২,৪৭০ কোটি টকাৰো অধিক মূল্যৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প দেশবাসীক উৎসৰ্গা কৰাৰ লগতে কেইবাটাও নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত ১৫৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ দিল্লী–অমৃতসৰ–কাটৰা এক্সপ্ৰেছৱে অন্যতম।

এই ৬৬৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ দিল্লী–অমৃতসৰ–কাটৰা এক্সপ্ৰেছৱে সম্পূৰ্ণ হ’লে দিল্লীৰ পৰা কাটৰালৈ যাত্ৰাৰ সময় ১৪ ঘণ্টাৰ পৰা প্ৰায় ৬ ঘণ্টালৈ, আৰু দিল্লীৰ পৰা অমৃতসৰলৈ যাত্ৰাৰ সময় ৮ ঘণ্টাৰ পৰা ৪ ঘণ্টালৈ হ্ৰাস পাব।

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যোৱা ১২ বছৰত ভাৰতীয় ৰে’লৱেৰ আমূল পৰিৱৰ্তন হৈছে। তেওঁ কয়, সাম্প্ৰতিক বছৰসমূহত হাৰিয়ানাই উন্নয়নৰ নতুন অধ্যায় আৰম্ভ কৰিছে আৰু জিন্দে ভাৰতৰ ইতিহাসত এক বিশেষ স্থান লাভ কৰিছে, কিয়নো দেশৰ প্ৰথম হাইড্ৰ’জেন চালিত ৰে’ল ইয়াৰ পৰাই আৰম্ভ হৈছে।

তেওঁ লগতে কয় যে ২১ শতিকাৰ ভাৰতীয় ৰে’লব্যৱস্থা হাইড্ৰ’জেন প্ৰযুক্তিৰে আগবাঢ়িব। বৰ্তমান জিন্দ–শনিপটৰ প্ৰায় ৯০ কিলোমিটাৰ পথত এই ৰে’ল চলাচল আৰম্ভ হৈছে আৰু ভৱিষ্যতে ইয়াৰ পৰিসৰ অধিক সম্প্ৰসাৰিত কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বৰ্তমান বিশ্বৰ মাত্ৰ ৩-৪খন দেশৰ হাততহে হাইড্ৰ’জেন চালিত ৰে’ল চলোৱাৰ সক্ষমতা আছে। তেওঁ কয়, ভাৰতৰ এই ৰে’লখনৰ ক্ষমতা ৩,২০০ হৰ্ছপাৱাৰ, আৰু ই বিশ্বৰ আটাইতকৈ শক্তিশালী আৰু দীঘলীয়া হাইড্ৰ’জেন চালিত যাত্ৰীবাহী ৰে’লসমূহৰ অন্যতম।

অনুষ্ঠানত কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, ভাৰতৰ প্ৰথম হাইড্ৰ’জেন চালিত ৰে’লৰ শুভাৰম্ভ দেশৰ প্ৰযুক্তিগত উন্নয়নৰ এক ঐতিহাসিক সফলতা। তেওঁ উল্লেখ কৰে যে, এই সাফল্য স্বদেশী হাইড্ৰ’জেন প্ৰযুক্তি বিকাশৰ দৃঢ় সংকল্পৰ ফল। তেওঁ কয়, এই ৰে’ল সম্পূৰ্ণৰূপে পৰিৱেশ-অনুকূল, ইয়াত ডিজেল বা পেট্ৰ’লৰ কোনো প্ৰয়োজন নাই।

ৰে’লমন্ত্ৰীয়ে লগতে জনায় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ বিগত কেইবছৰত গ্ৰহণ কৰা ৰে’ল আধুনিকীকৰণ কাৰ্যসূচীৰ ফলতেই এই সাফল্য সম্ভৱ হৈছে।

তেওঁ জানিবলৈ দিয়ে যে হাৰিয়ানাৰ বাবে ৰে’ল বাজেট ৩১৫ কোটি টকাৰ পৰা বৃদ্ধি পাই প্ৰায় ৩,৫০০ কোটি টকালৈ উন্নীত হৈছে। বৰ্তমান ৰাজ্যখনত ১৮ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ ৰে’ল প্ৰকল্প চলি আছে।

এই ৰে’লখন সম্পূৰ্ণৰূপে ভাৰততে ডিজাইন, প্ৰকৌশল আৰু সংযোজন কৰা হৈছে। ইয়াত ব্যৱহৃত হৈছে স্বদেশী প্ৰযুক্তি, যিয়ে উন্নত ৰে’ল প্ৰকৌশলৰ ক্ষেত্ৰত ভাৰতৰ সক্ষমতা প্ৰতিফলিত কৰিছে।

জিন্দ–শনিপট পথত ৰে’লখনৰ সৰ্বোচ্চ চলাচল গতি ঘণ্টাত ৭৫ কিলোমিটাৰ, যদিও ইয়াৰ ডিজাইন গতি ঘণ্টাত ১১০ কিলোমিটাৰ। ফলত এই ৮৯ কিলোমিটাৰ পথত অধিক সুৰক্ষিত আৰু দ্ৰুত যাত্ৰা নিশ্চিত হ’ব।

এই ৰে’লৰ জৰিয়তে ভাৰত জাৰ্মানী, জাপান, চীন আৰু আমেৰিকাৰ সৈতে হাইড্ৰ’জেন চালিত ৰে’ল চলোৱা নিৰ্বাচিত দেশসমূহৰ তালিকাত স্থান লাভ কৰিলে।

বিশ্বৰ অধিকাংশ হাইড্ৰ’জেন যাত্ৰীবাহী ৰে’লত মাত্ৰ ২ বা ৩টা দবা থাকে আৰু সৰু আঞ্চলিক পথত চলাচল কৰে। কিন্তু ভাৰতীয় ৰে’লৱেৰ এই ৰে’লখন ১০টা দবাযুক্ত আৰু একেলগে প্ৰায় ২,৬০০জন যাত্ৰী বহন কৰিব পাৰে। ইয়াৰ জৰিয়তে অধিক যাত্ৰী বহনক্ষম হাইড্ৰ’জেন ৰে’ল পৰিবহণৰ সম্ভাৱনা প্ৰদৰ্শিত হৈছে।

এই ৰে’লত হাইড্ৰ’জেন ফুৱেল চেল প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে, যিয়ে হাইড্ৰ’জেনক বিদ্যুতলৈ ৰূপান্তৰ কৰি ৰে’ল চলায়। এই প্ৰক্ৰিয়াত কাৰ্বন নিঃসৰণ একেবাৰে শূন্য, আৰু উপ-পণ্য হিচাপে কেৱল জলীয় বাষ্প উৎপন্ন হয়।

ৰে’লখনত হাইড্ৰ’জেন লিক, উত্তাপ, জুই আৰু ধোঁৱা চিনাক্ত কৰিব পৰা বহুস্তৰীয় সুৰক্ষা ব্যৱস্থা সংযোজন কৰা হৈছে।

হাইড্ৰ’জেন চালিত ৰে’লৰ সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য পৰিচালনাৰ বাবে জিন্দত বিশেষ হাইড্ৰ’জেন সুবিধা কেন্দ্ৰ স্থাপন কৰা হৈছে।

ভাৰতীয় ৰে’লৱেই এতিয়া কালকা–শিমলা ঐতিহ্যবাহী ৰে’লপথতো হাইড্ৰ’জেন প্ৰযুক্তি প্ৰয়োগ কৰাৰ সম্ভাৱনা বিচাৰি আছে। জিন্দ–শনিপট হাইড্ৰ’জেন ৰে’ল প্ৰকল্পৰ অভিজ্ঞতাক ভিত্তি কৰি এই পদক্ষেপ আগবঢ়োৱা হ’ব।

এই বিশেষ ৰে’লখন সম্পূৰ্ণৰূপে ভাৰতীয় ৰে’লৱেৰ প্ৰযুক্তি আৰু দক্ষতাৰে বিকশিত কৰা হৈছে। এই সাফল্যক ‘আত্মনিৰ্ভৰ ভাৰত’ অভিযানৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছে।

হাইড্ৰ’জেন শক্তিচালিত এই ৰে’লখন পৰিৱেশ-অনুকূল, কম প্ৰদূষণকাৰী আৰু ভৱিষ্যতমুখী পৰিবহণ ব্যৱস্থাৰ এক উৎকৃষ্ট উদাহৰণ। ইয়াৰ জৰিয়তে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ লগতে পৰিষ্কাৰ শক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ দিশত ভাৰতৰ অংগীকাৰ পুনৰ প্ৰতিফলিত হৈছে।

ভাৰতীয় ৰে’লৱেৰ এই সাফল্যই দেশৰ প্ৰযুক্তিগত আত্মনিৰ্ভৰতা আৰু উদ্ভাৱনী ক্ষমতাক নতুন উচ্চতালৈ লৈ যোৱাৰ লগতে সেউজ উন্নয়নৰ লক্ষ্য পূৰণতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

ডিজিটেল ডেস্ক, ১৭ জুলাই

You might also like