নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা এইকেইটা খাদ্য খাওক আৰু টেষ্টটৰণ হৰমণ বৃদ্ধি কৰক…

নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ ব্যস্ততা ভৰা জীৱন। যাৰ বাবে আমাৰ দৈন্যদিন জীৱনত খোৱা বোৱাৰ ভালদৰে ধ্যান নিদিয়াৰ বাবে বহুকেইটা বেমাৰৰ সন্মুখীন হয়। ভালদৰে খাদ্য গ্ৰহণ নকৰাৰ বাবে পুৰুষৰ ভিতৰত কেইবাবিধ হৰমণৰ সন্তোলন অৱস্থাত নাথাকে। ইয়াৰে ভিতৰত টেষ্টটৰণ হৰমন অন্যতম। বিশেষকৈ পুৰুষৰ ভিতৰৰ শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত টেষ্টটৰণ হৰমণৰ অৰিহণা বহুত। বিশেষকৈ এই হৰমণে পুৰুষৰ মুখত ডাঢ়ি আৰু যৌন জীৱনৰ ক্ষেত্ৰত প্ৰভাৱ থকা দেখা যায়। আনহাতে এই হৰমণক পুৰুষৰ হৰমণ বুলিও কোৱা হয়। এই হৰমণ যদি শৰীৰত ভালদৰে নাথাকে তেতিয়া বহুত সমস্যা হ’ব পাৰে। কিন্তু প্ৰাকৃতিক খাদ্যৰে টেষ্টটৰণ হৰমণ বৃদ্ধি কৰিব পাৰি। জানো আহকচোন খাদ্যকেইটা

সেউজীয়া শাক পাচলিৰ যথেষ্ট ভাৱে খাওকঃ পুৰুষ মহিলাই দুয়ো সেউজীয়া শাক-পাচলি খাব লাগে। কিন্তু পুৰুষে যদি যথেষ্ট পৰিামাণে সেউজীয়া শাক-পাচলি গ্ৰহণ কৰে তেতিয়া টেষ্টটৰণ হৰমণ বৃদ্ধি হয়। সেউজীয়া শাক পাচলিত যথেষ্ট পৰিমাণে মেগনেছিয়াম পোৱা যায়। বহু অধ্যয়নত প্ৰকাশ পাইছে যে পালেং শাকৰ দৰে সেউজীয়া শাক পাচলিয়ে শৰীৰত টেষ্টটৰণ হৰমণ বৃদ্ধি কৰাত সহায় কৰে।

পিয়াঁজ খোৱা আৰম্ভ কৰকঃ পিয়াঁজ স্বাস্থৰ বাবে যথেষ্ট লাভ দায়ক। পিয়াঁজত এনে কিছুমান ত বস্তু আছে যি পুৰুষৰ টেষ্টটৰণ হৰমন বৃদ্ধি হয়। পিয়াঁজ চালাড ৰূপেও খাব পাৰে।

মৌঃ মৌত boron পোৱা যায় যি এক প্ৰাকৃতিক উপাদান হয়। ই টেষ্টটৰণ হৰমন বৃদ্ধিত সহায় কৰাৰ লগতে দেহত হাড়ৰ গঠন মজবুত হয়।

ডালিমঃ ডালিম ফলৰ ভিতৰত বহুত স্বাস্থ্যবান বুলি জনা হয়। এই ফল গ্ৰহণ কৰিও টেষ্টটৰণ হৰমন বৃদ্ধি কৰিব পাৰি। দৈনিক ডালিমৰ ৰস খালে ভাল ফল লাভ কৰে।

আদাঃ আদা কেৱল মাছ মাংসতে অথবা চাহৰ বাবে নহয় পুৰুষৰ টেষ্টটৰণ হৰমন বৃদ্ধিত সহায় কৰে। আদাত এনে ঔষধীয় গুণ আছে যি পুৰুষৰ প্ৰজনন ক্ষমতা বৃদ্ধি কৰে।

মাছঃ সপ্তাহত ২ দিন মাছ খোৱাতো খুবেই জৰুৰী। দৰাচলতে চৰ্বি যুক্ত মাছ বহুত লাভৱান বিশেষকৈ omega-3 fatty acids থাকে। যাৰ পৰিপেক্ষিতত ই টেষ্টটৰণ হৰমন বৃদ্ধিত সহায়ক হয়।

You might also like