নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ পকেটত চীনা কোম্পানীৰ ধন!

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ আজমল ফাউণ্ডেচনৰ টকা ক’ৰ পৰা আহে তাকে লৈ বহু সময়ত প্ৰশ্ন উত্থাপিত হৈছে। এইবাৰ পোহৰলৈ আহিছে এক ভয়ংকৰ খবৰ। সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষকৰ ধনৰে অসমত সমাজসেৱাৰ কৰাৰ অভিযোগ উঠিছে আজমলৰ বিৰুদ্ধে।

 ভাৰতৰ শত্ৰু চীনৰ পৰাও বহু পৰিমাণৰ ধন লাভ কৰাৰ অভিযোগ আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে। চীনৰ উইঘোৰ প্ৰদেশৰ মুছলমান লোকসকলক আতিশয্য চলোৱাৰ বাতৰিয়ে পূথিৱী কঁপোৱা সময়তে এটা চীনা কোম্পানীৰ পৰা ধন লাভ কৰিছে আজমল ফাউণ্ডেচনে।

নিজকে মুছলমানৰ হকে কাম কৰাৰ কথা স্বীকাৰ কৰা  বদৰুদ্দিন আজমলে কিদৰে চীন চৰকাৰৰ ধন লৈছে সেই লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। লিগেল ৰাইটছ অৱজাভেটৰী নামৰ সংগঠনটোৰ তথ্য অনুসৰি ২০১৩-২০১৪চনৰ পৰাই চীনৰ পৰা  আজমল ফাউণ্ডেচনৰ হৈ মাৰ্কাজুল মাৰিফ নামৰ সংস্থাটোৱে ধন লৈ আহিছে বুলি অভিযোগ তুলিছে।

You might also like