নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যদি হাতত আছে এই ৰেখা তেন্তে নিশ্চিত আপুনি বিদেশ ভ্ৰমণ কৰিব…

নিয়মীয়া বাৰ্তা ১১ জুনঃ  আপুনি জীৱনত কিমান উন্নতি কৰিব। এইটো আপোনাৰ কষ্ট আৰু ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে। জ্যোতিষ শাস্ত্ৰও এনে এক কথাকে ইংগিত কৰে। প্ৰত্যকৰে নিজৰ কৰ্মৰ হাতত এনে কিছুমান ৰেখা অংকিত হৈ থাকে যাৰ বহুত মহত্ব থাকে। ইয়াৰে ভিতৰত এডাল ৰেখাই বিদেশ যাত্ৰাৰ সম্ভাৱনা বঢ়াই তোলে।

হস্তৰেখা অনুসৰি হাতত থকা কিছুমান ৰেখা বহুত শুভ বুলি কোৱা হয়। ইয়াৰে কিছুমান ত্ৰিভুজ আৰু চন্দ্ৰ অংকিত হৈ থাকে সেইসকল লোকৰ বিদেশ যাত্ৰাৰ যোগ থাকে।  যদি হাতৰ তলুৱাত থকা ৰেখা ডালে জীৱনৰেখা অতিক্ৰম কৰি  ভাগ্যৰ ৰেখা অতিক্ৰম কৰে আৰু লগতে চন্দ্ৰ পৰ্বতৰ ফালে আগবাঢ়ে ইও বিদেশ ভ্ৰমণৰ যোগ হ’ব পাৰে।  এই  ৰেখাডাল  যিমানে গভীৰ আৰু পৰিষ্কাৰ হ’ব,  বিদেশত ভ্ৰমণ কৰাৰ অভিজ্ঞতা সিমানেই  হ’ব।

হাতৰ ৰেখাৰ বাদেও তিলেও বিদেশ যাত্ৰাৰ ইংগিত বহন কৰে। যদি এজন ব্যক্তিৰ কপালৰ সোঁফালে তিল থাকে , তেতিয়া ব্যক্তিজনৰ ব্যৱসায় এখন দেশৰ বাহিৰেও অন্য দেশত হয়।যাৰ বাবে, তেওঁ কেতিয়াবা বিভিন্ন দেশভ্ৰমণ কৰাৰ সুযোগ পায়। যদি এজন ব্যক্তিৰ নাক, ভৰিৰ আঙুলি বা বুঢ়া আঙুলিত তিল থাকে, তেন্তে তেওঁ বিদেশ ভ্ৰমণ কৰাৰ যোগ থাকে।

You might also like