নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়াৰে পৰা গেছ এজেন্সিও গ্ৰাহকে সলনি কৰিব পাৰিব

নিয়মীয়া বাৰ্তা ১১ জুনঃ  পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে একোটা অঞ্চলত আগবঢ়োৱা আন এজন বিতৰকক এলপিজি সংযোগৰ অনলাইন স্থানান্তৰৰ সুবিধা প্ৰদান কৰিছে। ৱেব-পৰ্টেলৰ জৰিয়তে এলপিজি গ্ৰাহকসকলে লগতে তেওঁলোকৰ ম’বাইল এপ্পসমূহৰ পৰা এই সুবিধা লাভ কৰিব পাৰে।

এই সুবিধাটো বিনামূলীয়া আৰু কোনো মাচুল বা স্থানান্তৰ মাচুল পৰিশোধ কৰিব নালাগে। ২০২১ চনৰ মে মাহত ওএমচিৰ দ্বাৰা মুঠ ৫৫৭৫৯ টা পোৰ্টেবিলিটি অনুৰোধ সফলতাৰে সম্পূৰ্ণ কৰা হৈছে।

এই সুবিধাৰ দ্বাৰা পঞ্জীভুক্ত লগইন ব্যৱহাৰ কৰা গ্ৰাহকসকলে তেওঁলোকৰ এলেকাত সেৱা আগবঢ়োৱা বিতৰকৰ তালিকাৰ পৰা তেওঁলোকৰ ওএমচিৰ এজন বিতৰক বাছনি কৰিব পাৰে আৰু তেওঁলোকৰ এলপিজি সংযোগ পৰ্ট বাছনি কৰিব পাৰে। আনহাতে কোনো গ্ৰাহকে যদি এবাৰ পৰ্ট বাছনিৰ বাবে আবেদন কৰে আৰু তেওঁ পচন্দ অনুসৰি নিজৰ এজেন্সি নাপায় তেতিয়া তিনি দিনৰ ভিতৰত ইয়াক অগ্ৰাহ্য কৰে।

You might also like