নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপুনি যদি ডিচেম্বৰত জন্ম হৈছে তেতিয়া হ’লে নিশ্চিত ভাৱে আপুনি ভাগ্যৱান

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ   ডিচেম্বৰত জন্ম লাভ কৰা লোকসকলক ভাগ্যৱান বুলি অভিহিত কৰা হয়। বিশেষকৈ ডিচেম্বৰত জন্ম লাভ কৰা লোকসকল বহুত ভাগ্যৱানৰ লগতে বুদ্ধিমান আৰু বহু গুণৰ অধিকাৰী হয়। ডিচেম্বৰত জন্ম হোৱা বহু চৰ্চিত ব্যক্তি ভাৰতত জন্মগ্ৰহণ কৰি ইয়াকে প্ৰমাণ কৰিছে। জানো আহক ডিচেম্বৰত জন্মগ্ৰহণ কৰা লোকসকলৰ গুণৰ বিষয়ে-

সুদক্ষ নেতৃত্ব বহনকাৰীঃ যদি ডিচেম্বৰ মাহত জন্ম লাভ কৰা লোকে নেতৃত্ব লাভ কৰাৰ সুবিধা পায় তেতিয়া যিকোনো পৰিস্থিতিকে নিয়ন্ত্ৰণ কৰিব পাৰে। তেওঁলোকৰ তাৰ্কিক গুণেও মুগ্ধ কৰে সকলোকে।

প্ৰতিভাঃ এই মাহতে জন্ম লাভ কৰা লোক ভিন্ন প্ৰতিভাৰ অধিকাৰী হয়। যিকোনো কৰ্মকে ৰচনাত্মকভাৱে কৰিব পাৰে, যাৰ ফলত পৰিণাম তথা ফলো ভাল পায় ডিচেম্বৰতে জন্ম লাভ কৰা লোকসকলে। এইটো মাহতে জন্ম লাভ কৰা অধিকাংশ লোক অভিনেতা, পৰিচালকো হয়। ধন ঘটাৰ বাবে তেওঁলোকক বহুত ভাগ্যৱান বুলি গণ্য কৰা হয়।

ভাগ্যৱানঃ এইটো মাহতে জন্ম হোৱা লোক সকল বহুত ভাগ্যৱান বুলি কোৱা হয়। অলপ কষ্ট কৰিলেই ভাগ্যই তেওঁলোকক সহায় কৰে। লগতে ব্যক্তিগত জীৱন আৰু জীৱিকাৰ ক্ষেত্ৰত ভাগ্যই সহায় কৰে।

বিশ্বাসীঃ ডিচেম্বৰ মাহত জন্ম হোৱা লোকসকল বহু বিশ্বাসী হয়। তেওঁলোকে কাকো ঠগ-প্ৰৱঞ্চনা নকৰে। নিজৰ নৈতিক আদৰ্শৰ পৰা কেতিয়াও বিচলিত নহয়।

You might also like