নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষক আন্দোলনৰ সমৰ্থনত কানাডা-অষ্ট্ৰেলিয়াতো কাৰ ৰেলী

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে দেশজুৰি হৈ আছে বিৰোধ প্ৰদৰ্শন। দিল্লীৰ সীমান্তত বিগত ছয় দিন ধৰি সহস্ৰাধিক কৃষকে ৰাজপথত অৱস্থান লৈ আছে। কিন্তু এই আন্দোলনৰ পাৰ্শ্বক্ৰিয়া বিদেশলৈ বিয়পিব ধৰিছে। দিল্লী সীমান্তত কৃষক আন্দোলনক কানাডা আৰু অষ্ট্ৰেলিয়াত বাস কৰা ভাৰতীয় মূলৰ লোকসকলেও সমৰ্থন কৰিছে।

এক সূত্ৰ অনুসৰি, কানাডাত থকা বৃহৎ সংখ্যক পঞ্জাৱীয়ে বিক্ষোভৰ সমৰ্থনত দুটা কাৰ ৰেলীৰ পৰিকল্পনা কৰিছে। ব্ৰেমটন আৰু চৰেত আয়োজন কৰিবলগীয়া এই কাৰ ৰেলীৰ জৰিয়তে ভাৰতৰ কৃষক বিদ্ৰোহক সমৰ্থন আগবঢ়াব। এই সমদলৰ নাম ৰখা হৈছে ‘পঞ্জাব কিষাণ মৰ্চা ৰেলী’। ৫ ডিচেম্বৰত উলিয়াব লগা ৰেলীৰ মূল উদ্যোক্তা হৰবংশ সিঙে কয় যে চৰকাৰে কৃষকৰ দাবী সোনকালে সমাধান কৰা উচিত।

আনহাতে অষ্ট্ৰেলিয়াৰ মেলব’ৰ্নতো কৃষক আন্দোলনক সমৰ্থন কৰি এক ৰেলী উলিওৱা হ’ব বুলি জানিব পৰা গৈছে।

You might also like