নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শচীন-পন্টিংৰ ৰেকর্ড ভাঙি নতুন কৃতিত্ব অৰ্জন কিং কোহলিৰ…

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ বিৰাট কোহলি! নামটোৱে বোধ হয় যথেষ্ট। আজি শচীন তেণ্ডুলকাৰৰ ১৭ বছৰীয়া পুৰনা ৰেকৰ্ড ভাঙিলে টীম ইণ্ডিয়াৰ অধিনায়ক কিং কোহলিয়ে। যাৰ পাছতে বিশ্বৰ দ্রুততম ক্রিকেটাৰ হিচাপে এদিনীয়া ক্রিকেটত ১২ হাজাৰ ৰানৰ অধিকাৰী হ’ল কোহলি।

আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত ৬৩ ৰান অৰ্জন কৰাৰ পাছতেই কোহলিয়ে এই কৃতিত্বৰ অধিকাৰী হয়।

শচীন তেন্ডুলকাৰ এদিনীয়া আন্তৰাষ্ট্ৰীয় ক্রিকেটত ৩০০ মেচত ১২০০০ ৰান কৰিছিল। কিন্তু ৩২ বছৰীয়া বিৰাটে ২৪২টা ইনিংছতে এই কৃতিত্বৰ অধিকাৰী হয়। শচীনৰ তুলনাত ৫৮খন কম এদিনীয়া মেচ খেলিয়েই এই ৰেকর্ড কৰিলে বিৰাটে।

You might also like