নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰুক্ষ চুলিৰ যতনত নহৰুৰ ভূমিকা অপৰিসীম

বিশেষ বাৰ্তা, ১ জুনঃ ৰুক্ষ চুলিৰ সমস্যা প্রায় প্রত্যেকৰে। চুলিকোচা ভালে ৰাখিবলৈ কিধৰণে ব্যৱহাৰ কৰিব নহৰু। ঘন আৰু দীঘল চুলিৰ বাবে নহৰু বৰ প্ৰয়োজনীয়। এন্টি-মাইক্রোবিয়েল গুণ সমৃদ্ধ নহৰুয়ে চুলিৰ গুৰি মজবুত কৰে। নহৰুত আছে ভিটামিন চি, যিয়ে চুলিৰ স্বাস্থ্য ভালে ৰাখে, ৰুক্ষভাব দূৰ কৰে।
কিদৰে ব্যৱহাৰ কৰিবঃ

প্রথমে নহৰুৰ পেষ্ট বনাই লওঁক। এইবাৰ তাৰ সৈতে মধু মিহলাই চুলিৰ গুৰিৰ পৰা লগাওঁক। ৩০ মিনিট মিশ্রণটো লগাই ৰাখি ঠাণ্ডা পানীৰে ভালকৈ চুলিখিনি ধুব।
নহৰু ভালকৈ বটি তাৰ সৈতে গৰম নাৰিকলৰ তেল মিহলাই হেয়াৰ পেক এটা বনাই লওঁক। মিশ্রণটো ভালকৈ চুলিৰ গুৰিত লগাই আধ ঘণ্টা ৰাখি চুলিখিনি ধুই পেলাওঁক।

চুলিকোচা ভাল কৰি ৰাখিবলৈ ঘৰতেই বনাই লওঁক নহৰুৰ তেল। অ’লিভ তথা নাৰিকলৰ তেলৰ সৈতে নহৰু মিহলাই গোটেই ৰাতি ৰাখক। পিছদিনা ভালকৈ সেই মিশ্রণ তেল লগাই কেইঘণ্টা পাছতে চুলিখিনি ধুই পেলাব।

নহৰু আৰু আদা একেলগে বটি ল’ব। এইবাৰ সেই মিশ্রণ যিকোনো ভাল অ’লিভ তেলৰ সৈতে মিহলাই গৰম কৰক। মিশ্রণ বাদামী হৈ আহিলে সেয়া চুলিত ১৫ মিনিট ধৰি মালিচ কৰক। ইয়াৰ পাছত আধা ঘণ্টা ৰাখি ভালকৈ ধুই পেলাওঁক।

উল্লেখণীয়ঃ এই প্ৰবন্ধটো কেৱল সাধাৰণ তথ্যৰ বাবেহে। ই কোনো কাৰণতে কোনো ঔষধ বা চিকিৎসাৰ বিকল্প হ’ব নোৱাৰে। অধিক জানিবলৈ সদায় চিকিৎসকৰ সৈতে যোগাযোগ কৰক।

You might also like