নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্মুখত গুণোৎসৱ: ধুমুহাই বিধ্বস্ত কৰা নলবাৰীৰ বালিলেছা কালীমন্দিৰ হাইস্কুল দুবছৰে নহ’ল মেৰামতি 

 নিয়মীয়া বাৰ্তা, ১জুন: গুণোৎসৱকলৈ ৰাজ্যৰ বিদ্যালয়ে বিদ্যালয়ে ব্যাপক তৎপৰতা চলাৰ সময়তে নলবাৰীত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগা গুণোৎসৱৰ প্ৰাক মুহুৰ্তত একাংশ বিদ্যালয়ৰ পুতৌলগা আন্তঃ গাঁঠনিকলৈ চলিছে ব্যাপক চৰ্চা।গুণোৎসৱৰ প্ৰাকক্ষণত এনে বিদ্যালয়ৰ আন্তঃগাঁগনিৰ পয়ালগা অৱস্থাই শৈক্ষিক মহলত ভবাই তুলিছে।নলবাৰীৰ এনে এখন বিদ্যালয় হ’ল- বালিলেছাত অবস্থিত খাতা মৌজা কালী মন্দিৰ হাইস্কুল। সোণালী জয়ন্তী বৰ্ষ গৰকা এই স্কুলখনৰ আন্তঃগাঁথনি অতি পুতৌ লগা।

জানিব পৰা মতে, ১৯৬৭ চনত স্থাপিত খাতা মৌজা কালী মন্দিৰ হাইস্কুল, বালিলেছাৰ কেইবাটাও শ্ৰেণীকোঠা ধুমুহাই বিধ্বস্ত কৰাৰ পিছত আজিও ভগ্ন অৱস্থাতে আছে।২০২০ চনত হোৱা সংহাৰী ধুমুহাই তচনচ কৰিছিল বিদ্যালয় খনৰ কেইবাটাও কোঠালি। ভগ্ন কোঠালি আজিও ভগ্ন অৱস্থাতেই থাকিল।কিন্তু আজি পৰ্যন্ত বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত জিলা প্ৰশাসনে তথা শিক্ষা বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। গুণোৎসৱলৈ মাজত মাত্ৰ চাৰিদিন বাকী।জানিব পৰা মতে যোৱা ব’হাগ মাহত ধুমুহাৰ ক্ষতিগ্ৰস্ত আৰু চলিত মাহত বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ গুণোৎসৱ উপলক্ষে জিলা প্ৰশাসনে মেৰিমতিৰ ব্যৱস্থা কৰিছে যদিও প্ৰায় দুবছৰ পূৰ্বে ধুমুহাৰ বিধ্বস্ত খাতা মৌজা কালীমন্দিৰ হাইস্কুলৰ গৃহৰ মেৰামতিৰ ব্যৱস্থা অদ্যপি কৰা হোৱা নাই।

ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ পাঠদান চলি থকা বিদ্যালয় খনত ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ ফলাফল সন্তোষজনক হোৱাৰ পিছতো শিক্ষা বিভাগৰ দৃষ্টি গোচৰ নোহোৱাত সচেতন মহলে ক্ষোভ প্ৰকাশ কৰিছে। বিদ্যালয়ৰ খনৰ ভগ্ন গৃহ তথা আন্তঃগাঁঠনি গুণোৎসৱৰ আগত উন্নত কৰি তুলিবলৈ ৰাইজে জিলা প্ৰশাসনক দাবী জনাইছে।

You might also like