নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজৰ নগ্ন ছবি বিক্রীৰে মাহিলি শিক্ষয়িত্রীৰ আয় ৭৩ লাখ টকা

লকডাউনত বিত্তীয় সংকটৰ পৰা পৰিত্রাণ পাবলৈ অকল্পনীয় পদক্ষেপ

নিয়মীয়া বাৰ্তা ২০ ছেপ্টেম্বৰঃ ধনৰ বাবে মানুহে কি কৰিব নোৱাৰে৷ অকল্পনীয় যিকোনো পথ ধনৰ বাবেই মানুহে গ্রহণ কৰিবলৈ বাধ্য হয়৷ লছ এঞ্জেলছৰ শিক্ষয়িত্রী ক’টনী টিলিয়াই শেহতীয়াকৈ এইক্ষেত্রত এক নতুন নজিৰ সৃষ্টি কৰিছে৷

নিজৰ নগ্ন ছবি বিক্রী কৰি প্রতিমাহে ৭৩ লাখ টকা উপার্জন কৰি আছে এঞ্জেলছৰ এই শিক্ষয়িত্রীয়ে৷ অটিষ্টিক চাইল্ড অর্থাৎ মানসিক ৰোগত আক্রান্ত শিশুসকলক শিক্ষাদান কৰা এখন বিদ্যালয়ৰ শিক্ষয়িত্রী টিলিয়া৷ টিলিয়াৰ স্বামীও এগৰাকী শিক্ষক৷

স্নাতকোত্তৰ ডিগ্রী লোৱাৰ পিছত দুই স্বামী–স্ত্রী শিক্ষকতা কৰিয়েই নিজৰ সংসাৰ চলাইছিল৷ তেওঁলোকৰো আছে দুটি সন্তান৷ শেহতীয়াকৈ ক’টনী টিলিয়াই সংবাদ মাধ্যমক জনাইছে যে শিক্ষকতা কৰি উপার্জন কৰা ধনেৰে তেওঁলোকৰ সংসাৰ চলোৱাটো সহজ নাছিল৷ ইয়াৰ উপৰি লকডাউনৰ ফলত হঠাতে আর্থিক সংকটৰ সন্মুখীন হৈছিল টিলিয়াৰ পৰিয়াল৷ কেনেদৰে উপার্জন বৃদ্ধি কৰিব পাৰি তাক লৈ চিন্তা–ভাবনা আৰম্ভ কৰিছিল শিক্ষয়িত্রীগৰাকীয়ে৷ তেতিয়াই ইনষ্টাগ্রাম আৰু টুইটাৰত নিজৰ ছবি শ্বেয়াৰ কৰাৰ কথা মনলৈ আহে টিলিয়াৰ৷ এই দুয়োটা নেট মাধ্যমত প্রাপ্তবয়স্কৰ বাবে থকা সুকীয়া বিভাগৰ বাবে নিজৰ একাউণ্ট খুলি লয় শিক্ষয়িত্রীগৰাকীয়ে৷

ইয়াতেই শিক্ষয়িত্রী টিলিয়াই পোষ্ট কৰিবলৈ লয় নিজৰ নগ্ণ ছবি৷ মুহূর্ততে টিলিয়াৰ ফল’ৱাৰ অভাৱনীয়ভাৱে বৃদ্ধি পায়৷ ফল’ৱাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে এডাল্ট ছাবস্ক্রিপচন ছাইট ‘অনলিফেনছ’ত নিজৰ নাম পঞ্জীয়ন কৰে শিক্ষয়িত্রীগৰাকীয়ে৷ ইয়াৰ পিছতেই টিলিয়াৰ নগ্ন ছবি অভাৱনীয় হাৰত বিক্রী হয়৷ এতিয়া এই ছবি বিক্রীৰ জৰিয়তে মাহত ৭৩ লাখ টকাকৈ উপার্জন কৰি আছে শিক্ষয়িত্রীগৰাকীয়ে৷

You might also like