নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজন আচৰিত যুৱক! ১৮০ ডিগ্রীলৈকে ঘূৰাব পাৰে মূৰঃ চাওক ভিডিঅ’

আপুনি নিজৰ মূৰটো ১৮০ ডিগ্ৰীলৈ ঘূৰাব পাৰে নে ? হয়টো নোৱাৰে কিন্তু আপুনি, মই নোৱাৰিলেও পাৰে এজন লোকে। এয়া সঁচাকৈ সম্ভৱনে?

শেহতীয়াকৈ এক ঘটনা পোহৰলৈ আহিছে,য’ত এজন যুৱকে তেওঁৰ মূৰটো ঠিক ১৮০ ডিগ্ৰীলৈকে ঘূৰাইছিল। এইটো আচৰিত যেন লাগিলেও কিন্তু সঁচা। ভিডিঅ’টো ইতিমধ্যে সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে।

এক আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, @sheaabutt00 নামৰ এজন টিকটক ব্যৱহাৰকাৰীয়ে এই কামটো কৰিছিল। তেওঁৰ টিকটক প্ৰ’ফাইলত শ্বেয়াৰ কৰা ভিডিঅ’টোত দেখা গৈছে যে যুৱকজনে ৰাস্তাৰ মাজত থিয় হৈ থাকোতে হাতৰে মূৰ ঘূৰাই আছে। সাধাৰণতে আমি আমাৰ ডিঙি ৯০ ডিগ্ৰীলৈকে ঘূৰাব পাৰোঁ, কিন্তু যুৱকজনে ডিঙিটো সম্পূৰ্ণৰূপে ১৮০ ডিগ্ৰী ঘূৰাই আছে।

চাওক সেই ভিডিঅ’-

You might also like