নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Nokia ই লৈ আহিছে অতিকম মূল্যৰ এইটো স্মার্টফোনঃ চাওক সৱিশেষ…

Nokia C01 Plus Launched: নকিয়া ব্ৰেণ্ড ফোন নিৰ্মাতা HMD Global য়ে এটা নতুন এণ্ট্ৰি-লেভেলৰ স্মাৰ্টফোন মুকলি কৰিছে। এয়া হৈছে Nokia C-Seriesৰ নতুন বাজেট স্মাৰ্টফোন।

প্ৰচেছৰ, ৰেম, ষ্টোৰেজ: স্পিড আৰু মাল্টিটাস্কিঙৰ বাবে, Spreadtrum SC9863A প্ৰচেছৰ 1জিবি ৰেম আৰু 16জিবি ইণ্টাৰনেল ষ্টোৰেজ প্ৰদান কৰা হৈছে। লগতে মাইক্ৰ’এছডিৰ সৈতে ষ্টোৰেজ বৃদ্ধি কৰা সম্ভৱ।

কেমেৰা: Nokia C01 Plusৰ পিছফালৰ পেনেলত 5 মেগাপিক্সেল কেমেৰা চেন্সৰ পোৱা যায়। কিন্তু ছেলফি আৰু ভিডিঅ’ কলিংৰ বাবে সন্মুখত 5 মেগাপিক্সেল কেমেৰা চেন্সৰ আছে। লগতে দুটা কেমেৰা ফ্লেছ আছে।

বেটাৰি ক্ষমতা: এই বাজেট স্মাৰ্টফোনটোত পাৱাৰ কৰিবলৈ 3000mAh বেটাৰী আছে।

সংযোগ: এই শেহতীয়া নকিয়া স্মাৰ্টফোনটোত ব্লুটুথ সংস্কৰণ 4.2, ডুৱেল-চিম সমৰ্থন, 4জি, 802.11 ৱাই-ফাই ফিচাৰ আছে।

এই নকিয়া ম’বাইল ফোনটো দুটা ৰঙৰ ভেৰিয়েণ্টত মুকলি কৰা হৈছে- নীলা আৰু বেঙুনীয়া ৰঙৰ। এই হেণ্ডছেটটো ৰাছিয়াৰ RUB 6490 (প্ৰায় 6,600 টকা) মুকলি কৰা হৈছে।

You might also like