নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিৰামিডৰ সন্মুখত ফটো উঠি বিপদত মডেল আৰু ফটোগ্ৰাফাৰ

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ মিছৰত গ্রেপ্তাৰ কৰা হ’ল এজন ফটোগ্রাফাৰক। অপৰাধ মিছৰৰ পিৰামিডৰ সন্মুখত মডেলৰ অৰ্ধনগ্ন ছবি তোলা। আচলতে প্ৰাচীন মিছৰীয় পোছাকেৰে উঠিছিল ফটো। কিন্তু সাংস্কৃতিক স্থানত কোনো অনুমতি নোলোৱাকৈ হুছেইন মোহাম্মদ নামৰ ফটোগ্রাফাৰজনে এগৰাকী মডেলৰ  ছবি তোলাত গ্ৰেপ্তাৰ কৰে মিছৰ প্ৰশাসনে।

ফটোছ্যুট কৰা হৈছিল ছাকাৰা নেক্রোপলিছত। এই ঠাইটুকুৰা মিছৰৰ ৰাজধানী কায়ৰোৰ পৰা ৩০ কিলোমিটাৰ দূৰত। আনহাতে ঠাইটুকুৰাক ইউনেস্কোৱে বিশ্ব হেৰিটেজ হিচাপে স্থান দিছে।
মিছৰৰ ফেশ্বন মডেল ছালমা এল-চিমিয়ে তেওঁৰ ফটোসমূহ ছোচিয়েল মিডিয়াত আপলোড কৰাৰ পিছতে আৰম্ভ হয় চৰ্চা।

ছোচিয়েল মিডিয়াত চালমাৰ ফটোছ্যুটক লৈ বিভিন্নজনে কৰে সমালোচনা। সমালোচনাৰ সন্মুখীন হোৱা চালমাই অৱশেষত জনাই যে তেওঁ প্ৰত্নতাত্ত্বিক স্থলত ফটো উঠাৰ বাবে অনুমতিৰ যে প্ৰয়োজন, সেয়া নাজানে।

আনহাতে তেওঁ পৰ্যটন শিল্পক বিশ্বত প্ৰচাৰ কৰিবলৈ ফটো উঠা বুলি উল্লেখ কৰে যদিও প্রত্নতত্ত্ব বিভাগৰ মতে এয়া অত্যন্ত অৱমাননাসূচক কাৰ্য। উল্লেখ্য ৰক্ষণশীল মিছৰীয় আদালতে আপত্তিজনক ফটো পোষ্ট কৰাৰ কাৰণে এক ডজনৰো অধিক প্রভাৱশালী ব্যক্তিক জেলৰ ভাত খুৱাইছে। ২০১৮ চনত গ্রেট পিৰামিডত এটা নগ্ন দম্পতীৰ ছবি প্রকাশ হোৱাৰ পিছত বহু বিতৰ্ক হৈছিল।

You might also like