নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮ ডিচেম্বৰত ভাৰত বন্ধ, কৃষক মৰ্চাৰ আজিৰ বৈঠকত ল’লে ৩ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ কৃষি আইনক লৈ দেশত চলি থকা কৃষক আন্দোলনৰ দিল্লী চলো প্ৰতিবাদৰ আজি ৯ দিন হ’ল। ইতিমধ্যে চৰকাৰৰ সৈতে চতুৰ্থবাৰৰ বাবে বৈঠক অনুষ্ঠিত হ’ল যদিও মীমাংসা এতিয়াও সুদূৰপৰাহত। কাইলৈ পুনৰ পঞ্চম বৈঠক অনুষ্ঠিত হ’ব কৃষক আৰু চৰকাৰৰ মাজত।

ইয়াৰ মাজতে আজি সংযুক্ত কৃষক মৰ্চাই আহ্বান জনাইছে ৮ ডিচেম্বৰত ভাৰত বন্ধ। সংবাদমেলত আজি কৃষক নেতাই কয় যে কৃষি আইন বাতিল নকৰালৈকে কৃষক আন্দোলন বন্ধ নহ’ব। চৰকাৰে আইন সংশোধনৰ প্ৰস্তাৱ আগবঢ়াইছে যদিও কৃষক সমাজে এই আইন বাতিল কৰাটোৱে শেষ কথা বুলি উল্লেখ কৰিছে। কৃষক মৰ্চাই পুনৰ কয় যে ৮ ডিচেম্বৰত দিল্লীলৈ অহা সকলো পথ বন্ধ কৰি দিয়া হ’ব আৰু ৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ পুত্তলিকা দাহ কৰা হ’ব।

কৃষক নেতা অক্ষয় কংবৰে কয়- ‘আজিৰ কৃষক মৰ্চাৰ মাজত হোৱা বৈঠক ৩টা সিদ্ধান্ত লোৱা হৈছে। প্ৰথমতে কাইলৈ চৰকাৰৰে আলোচনাৰ সময়ত কৃষি আইন বাতিলকৰণৰ বিষয়ে কোৱা হ’ব। চৰকাৰে নামানিলে কোনো আলোচনা নহ’ব। দ্বিতীয়তে, কালি দেশজুৰি পুত্তলিকা দাহ কৰা হ’ব আৰু তৃতীয়তে ৮ ডিচেম্বৰত ভাৰত বন্ধ কৰা হ’ব আৰু সকলো টোলগেট প্ৰতিৰোধ কৰা হ’ব।’

উল্লেখ্য কৃষক আন্দোলনক লৈ দেশৰ বিভিন্ন ব্যক্তি-সংগঠনে সমৰ্থন ব্যক্ত কৰাত এই আন্দোলন ক্ৰমশঃ শক্তিশালী হৈ গৈ আছে।

You might also like