নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেনেদৰে প্ৰস্তুত কৰিব মাট’ন কুৰ্মা

প্ৰয়োজনীয় সামগ্ৰী-

ছাগলী মাংস- আধা কেজি।

পিঁয়াজ- ৩০০ গ্ৰাম।

বটা আদা-নহৰু-ডাঙৰ চামুচেৰে দুই চামুচ।

গোটা গৰম মছলা- এক চামুচ।

ৰিফাইন- সৰু কাপত এক কাপ।

নিমখ- সোৱাদ অনুযায়ী

তৈয়াৰ কৰা প্ৰণালীঃ

প্ৰেছাৰ কুকাৰত ৰিফাইনখিনি গৰম কৰক। এতিয়া গোটা গৰম মছলাখিনি দি দিয়ক। পিঁয়াজখিনি ডাঙৰ ডাঙৰকৈ কাটি তেলত দি কাঢ়াকৈ ভাজক। এতিয়া আদা-নহৰু পেষ্টখিনি দি অলপ ভাজি ছাগলী মাংসখিনি দি দিয়ক। অলপ ভাজি আধা কাপ পানী দি পাঁচটা হুইচেল মাৰিবলৈ এৰি দিয়ক। এনেদৰে প্ৰস্তুত কৰি সুন্দৰকৈ মাট’ন কুৰ্মা ঘৰতে খাওক আৰু পাহৰি যাওক ৰেষ্টুৰেণ্টৰ অত্যাধিক মছলাযুক্ত ৰেচিপি।

You might also like