নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিচিকি হাঁহিৰ যাদুকৰী প্রভাৱৰ কথা জানিলে সদায়ে হাঁহিব আপুনি

মিচিকি হাঁহিয়ে ভুবন ভোলায়৷ আন কথাত মৰম–চেনেহ, সাদৰ–সম্ভাষণ আদি লাভ কৰাত মিচিকি হাঁহিৰ প্রভাৱ যাদুকৰী৷ তদুপৰি মন–প্রাণত ই প্রদান কৰে বিমল সুখানুভূতি৷ সেয়েহে ওঁঠত সততে মিচিকি হাঁহি বোলাই ৰখাৰ অভ্যাসক ব্যক্তিৰ অন্যতম উপকাৰী আচৰণ হিচাপে গণ্য কৰা হয়৷ চলিত দশকত মনোবৈজ্ঞানিক গৱেষণাৰ এক বিশেষ বিষয় হিচাপে মিচিকি  হাঁহিয়ে বেচ প্রাধান্য লাভ কৰিছে৷ বিশ্বৰ ভিন্ন প্রান্তত সমাপন হোৱা এই গৱেষণাবিলাকে মিচিকি হাঁহিৰ বিভিন্ন উপকাৰিতাবিলাকৰ বৈজ্ঞানিক ভিত্তি প্রতিষ্ঠিত কৰাৰ উপৰি আন কিছুমান দিশো উন্মোচিত কৰিছে৷ এই লেখাত আমি এই বিষয়ক কেইটিমান নির্বাচিত গৱেষণালব্ধ তথ্য উপস্থাপন কৰিবলৈ প্রয়াস কৰিছেছা৷

১) ২০১১ চনত ফর্বছ নিউলেটাৰত প্রকাশ পোৱা গৱেষণালব্ধ তথ্য অনযায়ী ৩০ শতাংশ ব্যক্তিয়ে দৈনিক গডে ২০বাৰকৈ মিচিকি হাঁহে, আৰু ১৪ শতাংশ ব্যক্তিয়ে হাঁহে দিনে ৫বাৰতকৈও কমকৈ৷ বেচ সুখী বুলি গণ্য কৰিব পৰা ব্যক্তিয়ে দিনে ৪০ৰ পৰা ৫০বাৰ মিচিকি হাঁহে৷ কেঁচুৱাই গডে দৈনিক মিচিকি হাঁহে ৪০০বাৰ৷ এজনৰ  মিচিকি হাঁহিয়ে সাধাৰণতঃ আনজনৰ ওঁঠত স্বতঃস্ফূর্তভাৱে মিচিকি হাঁহি বিৰিঙায়৷ সেয়ে কেঁচুৱাৰ লগত সময় কটোৱাটো স্বাস্থ্য, সন্তুষ্টি আৰু শান্তি লাভৰ বাবে বেচ উপাদেয়৷

২) এটি মাত্র মিচিকি হাঁহিয়ে ব্যক্তিৰ মগজুত সৃষ্টি কৰা সুখানুভূতি তথা উৎসাহ ২০০০টা চকলেট নাইবা ১৬০০০ পাউণ্ড ধন লাভ কৰাৰ সমতুল্য হব পাৰে৷  ইংলণ্ডৰ এদল বিজ্ঞানীয়ে অত্যাধুনিক ইলেক্টৰমেগনেটিক ব্রেইন স্কেন মেচিন আৰু হার্ট ৰেট মনিটৰৰ প্রয়োগেৰে কৰা পৰীক্ষা–নিৰীক্ষাই এই তথ্য আগববাইছে৷

 ৩) মিচিকি হাঁহিয়ে ব্যক্তিৰ স্নায়ুতন্ত্রত ডফেমি, ছেৰটনি আৰ¸  অস্কিটছিনৰ উৎপন্ন হোৱাত সহায় কৰে৷ এনে উপাদানবিলাকে ধনাত্মক আৱেগ তথা সুখানুভূতিৰ উদ্রেগ ঘটায়৷

৪) ছুইডেনৰ উপ্পাছালা বিশ্ববিদ্যালয়ত ২০০২ আৰু ২০১১ চনত চলোৱা দুটা গৱেষণাত উপলব্ধ তথ্য এই যে এজনৰ  মিচিকি হাঁহিয়ে আনজনৰ মুখৰ মাংসপেশীক শাৰীৰবৃত্তীয়ভাৱে প্রভাৱান্বিত কৰাৰ ফলত ওঁঠত  স্বতঃস্ফূর্তভাৱে মিচিকি হাঁহি বিৰিঙি উঠে৷

৫) ফাংচনেল এম আৰ আহ প্রযুক্তি প্রয়োগ কৰি জার্মানীৰ বিখ্যাত টেকনিকেল ইউনিভার্ছিটী অৱ মিউনিকত ২০১১ চনত চলোৱা এক গৱেষণাই প্রমাণ কৰিছে যে মিচিকি হাঁহি আৰু মুখৰ ধনাত্মক প্রকাশভংগীয়ে আমাৰ মগজুৰ আৱেগ সৃষ্টিকাৰী স্নায়ুতন্ত্রৰ বিশেষ কোষক  প্রভাৱান্বিত কৰি সুখানুভূতিৰ সৃষ্টি কৰে৷ সেয়ে সততে ওঁঠত সততে মিচিকি হাঁহি বোলাই ৰখাৰ অভ্যাসে ব্যক্তিৰ ধনাত্মক মানসিকতা আৰু সন্তুষ্টি বৃদ্ধিত প্রভূত অৰিহণা যোগায়৷

৬) ৩-ডি আলট্ৰা ছাউণ্ড টেকনলজ প্রয়োগৰ দ্বাৰা উপলব্ধ তথ্য অনুযায়ী কেঁচুৱাই গর্ভত থাকোঁতেই মিচিকি হাঁহিবলৈ লয়৷ উপজাৰ পিছত নিদ্রাৰত অৱস্থাতো মিচিকি হাঁহে৷ এই প্রযুক্তিয়ে এইটোও প্রমাণ কৰিছে যে জন্মান্ধ কেঁচুৱায়ো মানুহৰ কণ্ঠস্বৰৰ লগত সংগতি ৰাখি মিচিকি হাঁহে৷

৭) মিচিকি হাঁহিৰ অভ্যাসে আয়ুস বহাব পাৰে৷ ৱেইনী ষ্টেট ইউনিভার্ছিটীত ২০১০চনত খেলুৱৈৰ জীৱন পৰিক্রমাৰ ভিত্তিত কৰা এক অধ্যয়নৰ তথ্য এই যে ফটো তোলোঁতে যিবিলাক খেলুৱৈৰ মুখত মিচিকি হাঁহি বিৰিঙে সিবিলাকৰ আয়ুস গডে ৭২.৯ বছৰ আৰু যিবিলাকৰ মুখত হঁাহি নিবিৰিঙে তেওঁলোকৰ আয়ুস গডে ৭২.৯ বছৰ ৷

৮) কেলিফোর্নিয়াৰ এদল মনোবিজ্ঞানীয়ে মিচিকি হাঁহিৰ প্রভাৱৰ ওপৰত ৩০ বছৰজোৰা এক দীর্ঘম্যাদী গৱেষণাই ইংগিত কৰে যে ব্যক্তিৰ মিচিকি হাঁহিৰ মান যিমানে সবল হয়, সিমানে বৈবাহিক জীৱন স্থায়ী হয় আৰু জীৱনত সুখানুভূতিৰ সোঁত অধিক হয়৷ তদুপৰি ব্যক্তিৰ মিচিকি হাঁহিৰ সবলতা যিমানে অধিক হয় সিমানে ব্যক্তিৰ আনক অনুপ্রাণিত কৰিব পৰা দক্ষতা আৰু স্পৃহা থাকে৷

৯) পুৰুষৰ তুলনাত নাৰীয়ে বেছিকৈ মিচিকি হাঁহে বুলি বোধকৰোঁ আমি প্রায় সকলোৱে ধাৰণা কৰোঁ৷ মনোবৈজ্ঞানিকসকলেও একে ধাৰণাই কৰি আহিছে৷ মনোবৈজ্ঞানিক ডেনিয়েল মেকডাফ প্রমুখ্যে এদল বিজ্ঞানীয়ে পাঁচখন দেশ সামৰি ২০১৭চনত সমাপন কৰা এক আন্তঃৰাষ্ট্রীয় গৱেষণাৰ তথ্য অনুযায়ী আমেৰিকা, ইংলেণ্ড আৰু জার্মানীত নাৰীসকলে পুৰুষসকলতকৈ বহু বেছি পৰিমাণে হাঁহে৷ কিন্তু ফ্রান্স আৰু চীনৰ ক্ষেত্রত এই পার্থক্য তুলনামূলকভাৱে ভালেখিনি কম৷ আমেৰিকাৰ ক্ষেত্রত এই পার্থক্য সর্বাধিক৷

১০) সততে ওঁঠত মিচিকি হাঁহিৰ অভ্যাসে ব্যক্তিক  বয়সতকৈ সৰু যেন দেখাত অৰিহণা যোগায়৷ একাধিক গৱেষণাৰ তথ্য অনুযায়ী দুটা প্রভাৱৰ বাবে এই ফল উপলব্ধ হয় বুলি ধাৰণা কৰিব পাৰি ঃ সুখানুভূতিপ্রাপ্ত হয় বাবে আৰু মিচিকি হাঁহি মাৰোঁতে মুখৰ বিশেষ কিছুমান মাংসপেশী সক্রিয় হয় বাবে৷

১১) ভালেসংখ্যক গৱেষণাই প্রমাণ কৰিছে যে মিচিকি হাঁহি বিভ্রান্তিকৰ হব পাৰে৷ আন কথাত দুখ, ক্ষোভ, ঈর্ষা, প্রতিহিংসা আদিৰ দৰে ঋণাত্মক আৱেগতো ব্যক্তিয়ে স্বতঃস্ফূর্ত নাইবা ইচ্ছাকৃতভাবে মিচিকি হাঁহিব পাৰে৷ মনোবৈজ্ঞানিক ডেনিয়েল মেকডাফ কথাত মিচিকি হাঁহি বাহ্যিক চিত্রহেন, ভিতৰৰ আৱেগ ধনাত্মক নাইবা ঋণাত্মক হব পাৰে৷

১২)  ব্যক্তিৰ আকর্ষণীয়তা বৃদ্ধিত যে মিচিকি হাঁহিয়ে অতি প্রত্যক্ষ আৰু বলিষ্ঠ অৰিহণা যোগায়, সেই কথা অনায়াসে উপলব্ধি হয়৷ মনোবৈজ্ঞানিক গৱেষণাৰ দ্বাৰাও এই কথা প্রতিপন্ন হৈছে৷ এই প্রভাৱৰ বাবেই প্রেমৰ আবেদন–নিবেদনত মিচিকি হাঁহিৰ ভূমিকা অতি বলিষ্ঠ৷ বিশ্বৰ বিভিন্ন প্রান্তৰ বহুতো ৰোমাণ্টিক গীতত সেয়েহে মিচিকি হাঁহি উল্লিখিত হৈছে৷ মিচিকি হাঁহি উল্লিখিত আমাৰ বিহুগীতৰ ফাকিও ভালেমান৷ তাৰে দুফাকি উল্লেখ কৰি এই লেখা সামৰিছো৷   চেনেহীৰ মুখলৈ/চাবকে নোৱাৰি/মুখত মিচিকিয়া হাঁহি/বিজুলী চমকে/মোৰে মন মুহিলি/ পদূলিৰ মুখলৈ আহি।

You might also like