নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা টি-ডি টীকাকৰণ, চিৰাঙত ৬৫৮ গৰাকীক টীকাকৰণৰ লক্ষ্য

নিয়মীয়া বাৰ্তা,১৬ ডিচেম্বৰঃ যোৱা ১৪ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা তিনি সপ্তাহযোৰা টিটেনাছ প্লাছ ( টি, ডি) টীকাকৰণ অভিযান কাইলৈৰ পৰা চিৰাং জিলাতো আৰম্ভ হ’ব।এই সম্পৰ্কত চিৰাং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি এখন কৰ্মশালা অনুষ্ঠিত হয়। জিলা উপায়ুক্ত গৌতম তালুকদাৰৰ পৰিচালনাত অনুষ্ঠিত এই কৰ্মশালাত উদ্দেশ্য ব্যাখ্যা কৰে ডি আই অ’ ডাঃ সনাতন দাসে। কৰ্মশালাত সমল ব্যক্তি হিচাবে উপস্থিত থাকি বিশ্ব স্বাস্থ্য সংস্থাৰ কনচালটেণ্ট ডাঃ হীৰেন গগৈয়ে ২০১১-১৫ চনত ভাৰতবৰ্ষত ডিফথেৰিয়া ৰোগত আক্ৰান্তৰ সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক আছিল বুলি মন্তব্য কৰে। ইয়াৰে ৯৯ শতাংশ দক্ষিণ ভাৰতৰ বুলি উল্লেখ কৰি গগৈয়ে এই ৰোগ বিধত মৃত্যুৰ হাৰ ১০ শতাংশ বুলি সদৰি কৰে।

তেওঁ লগতে আমাৰ দেশত ডিফথেৰিয়াত আক্ৰান্তৰ ভিতৰত ১০ বছৰৰ পৰা ১৮ বছৰৰ বয়সৰ ল’ৰা-ছোৱালীৰ সংখ্যাই সৰ্বাধিক বুলি উল্লেখ কৰি ইয়াৰ কাৰণ হিচাপে ৫ বছৰৰ বয়সলৈকে অভিভাৱকসকলে নিজৰ সন্তানক নিয়মীয়াকৈ প্ৰয়োজনীয় টীকাকৰণ কৰোৱাৰ পৰিৱৰ্তে অধিকাংশই ওপৰৰ বয়সৰ সন্তানৰ টীকাকৰণ সম্পৰ্কে সচেতন নহয় বুলি কয়। কৰ্মশালাত চিৰাং জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰাতুল বৰদলৈয়ে জিলাখনত কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া টি,ডি টীকাকৰণৰ বাবে যুগুত কৰা পৰিকল্পনা সম্পৰ্কে সদৰি কৰে। তেওঁ জানিবলৈ দিয়ে যে, টীকাকৰণ কাৰ্যসূচী সফল কৰি তুলিবলৈ জিলাখনত সৰ্বমুঠ ১৪৭ টা দল গঠন কৰা হৈছে। জিলাখনৰ টীকাকৰণৰ বাবে মুঠ ১৬,৪৬০ গৰাকী ল’ৰা-ছোৱালী চিনাক্ত কৰা হৈছে যদিও ৬৫৮ গৰাকীক টীকাকৰণৰ লক্ষ্য স্থিৰ কৰা বুলি যুটীয়া সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে। কাইলৈ বাসুগাঁৱত টীকাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব।টীকাকৰণ ১০-১১ বছৰৰ আৰু ১৬-১৭ বছৰৰ ল’ৰা-ছোৱালীক কৰা হ’ব।আজিৰ এই কৰ্মশালাত জিলা অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্ম, বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱ, জিলা তথ্য আৰু জনসংযোগ বিষয়া গগণ নাৰ্জাৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা মিডিয়া বিশেষজ্ঞ ময়েজ উদ্দিন আহমেদ, কেবাগৰাকীও জ্যেষ্ঠ সাংবাদিকৰ লগতে বহু কেইজন সচেতন ব্যক্তি উপস্থিত থাকে।

You might also like