নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডেবিট কার্ডৰ লগতে ইউপিআইৰেও ধন জমা কৰিব পাৰিব এটিএমত

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ এপ্ৰিলঃ ইউপিআই ব্যৱহাৰকাৰীৰ বাবে সুখবৰ৷ ভাৰতীয় ৰিজার্ভ বেংকৰ মুদ্রানীতিৰ বৈঠকত ইউপিআই ব্যৱহাৰকাৰীৰ বাবে এক গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হয়৷ আৰবিআইৰ গৱর্নৰ শক্তিকান্ত দাসে মুদ্রানীতিৰ বৈঠকত ইউপিআই ব্যৱহাৰকাৰীক লৈ লোৱা সিদ্ধান্ত সংবাদ মেলত অৱগত কৰে৷ এতিয়াৰে পৰা ইউপিআই ব্যৱহাৰকাৰীসকলে এটিএমত ধন জমা কৰিব পাৰিব৷ ইয়াৰ পূর্বে এটিএমৰ কেচ ডিপোজিট মেচিনত ডেবিট কার্ড অথবা ম’বাইল নম্বৰ সংযুক্ত কৰি ধন জমা কৰাৰ ব্যৱস্থা চলি আহিছে৷ আৰবিআইৰ মুদ্রানীতিৰ বৈঠকত গ্রহণ কৰা সিদ্ধান্ত অনুসৰি ইউপিআই গ্রাহকসকলে এটিএমত ধন জমা কৰিব পাৰিব৷ বেংকক অধিক সক্রিয় কৰি তোলাৰ লগতে গ্রাহকৰ সুবিধাৰ বাবে এই ব্যৱস্থা বলৱৎ কৰা হ’ব৷

You might also like