নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেট্র’ল-ডিজেলচালিত বাহনৰ পৰা মুক্ত হ’ব ভাৰত

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ এপ্ৰিলঃ দেশজুৰি থকা ৩৬ কোটি পেট্র’ল আৰু ডিজেলচালিত বাহন নিষিদ্ধ কৰা হ’ব পাৰে এই সম্ভাৱনাৰ কথা সদৰী কৰিলে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰিয়ে৷ অৱশ্যে এই কথাও মন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে এতিয়াই এনে কাম কৰাটো সম্ভৱ নহ’ব৷ কিন্তু ভৱিষ্যতে পেট্র’ল–ডিজেলচালিত বাহনক বিদায় দিয়াটো সম্ভৱ হ’ব পাৰে৷ সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱা মত বিনিময়ত মন্ত্রী গাডকাৰিক পেট্র’ল–ডিজেলচালিত গাড়ীৰ পৰা কেতিয়া দেশে পৰিত্রাণ পাব, সেই সন্দর্ভত এক প্রশ্ণ সোধা হৈছিল৷ তেতিয়াই গাডকাৰিয়ে কয় যে কামটো কঠিন কিন্তু অসম্ভৱ নহয়৷ কোনো নির্দিষ্ট সময়সীমাৰ কথা উল্লেখ কৰা নাই গাডকাৰিয়ে৷ ইয়াৰ সমান্তৰালভাৱে গাডকাৰিয়ে পৰিৱেশ বান্ধৱ যান–বাহনৰ ব্যৱহাৰৰ প্রয়োজনীয়তাৰ ওপৰতো মন্তব্য কৰিছে৷ পূর্বেও মন্ত্রীগৰাকীয়ে বায়ু প্রদূষণৰ মোকাবিলা কৰিবলৈ হ’লে পেট্র’ল–ডিজেলচালিত বাহনক পর্যায়ক্রমে বিদায় দিব লাগিব বুলি উল্লেখ কৰিছিল৷ মন্ত্রীগৰাকীয়ে ইংগিত দিয়া অনুসৰি আগন্তুক দিনত ডিজেলচালিত বাহনৰ ওপৰত কৰ বৃদ্ধি পাব৷

You might also like