নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধান এই দুটা ব্লাড গ্ৰুপৰ তেজৰ লোকসকলৰ কভিডত আক্ৰান্ত হোৱা আশংকা বেছি লগতে আমিষভোজী সকলৰো বিপদ!

নিয়মীয়া বাৰ্তা ১৩ মেঃ   কৰোনা সংহাৰ অব্যাহত আছে সমগ্ৰ দেশতে। দৈনিক শ- শ লোক আক্ৰান্ত হৈছে কভিডত। লগতে দৈনিক হাজাৰৰো অধিক লোকে মৃত্যুৰ মুখত পৰিছে কাল কৰোনাৰ বাবে। তাৰ মাজতেই গৱেষক সকলে বিভিন্ন তেজৰ গ্ৰুপৰ লোক সকলৰ মাজত কভিডত আক্ৰান্ত কম বেছি হ’ব পাৰে নেকি তাৰ ওপৰত এক গৱেষণা চলাইছিল।

ইয়াৰ মাজতেই CSIR (Council of Scientific & Industrial Research) ৰ প্ৰকাশিত গৱেষণাত প্ৰকাশ পাইছে যে যি সকল লোকৰ AB আৰু B তেজৰ গ্ৰুপ তেওঁলোক সাৱধানে থকাটো বেছি জৰুৰী। গৱেষণা পত্ৰ খনত দাবী কৰিছে যে AB আৰু B ব্লাড গ্ৰুপৰ লোক কভিডত বেছিকৈ প্ৰভাৱিত হোৱাৰ আশংকা থাকে।

আনহাতে গৱেষণাটো এইটো কথাও উল্লেখ কৰিছে যে 0+ তেজ থকা লোকৰ কভিডত আক্ৰান্ত হোৱাৰ আশাংকা কম। এইটো গ্ৰুপৰ অধিকাংশ লোকৰ লক্ষণবিহীন কভিডত আক্ৰান্ত হয় অথবা সৰু সুৰা লক্ষণ দেখা দিয়ে। এইটো গৱেষণা csirয়ে সমগ্ৰ দেশত গৱেষণা চলাইছিল আৰু তাৰ ওপৰত ভিত্তি কৰি এই গৱেষণাটো প্ৰকাশ কৰা হৈছিল।

CSIR য়ে এইটো গৱেষণা কৰিছে যে নিৰামিষ ভোজী সকলৰ তুলনাত আমিষভোজী লোকসকল আক্ৰান্ত হোৱাৰ কভিডত আশংকা বেছি। সমগ্ৰ দেশত প্ৰায় ১০ হাজাৰ লোকৰ মাজত গৱেষণা কৰি এই দাবী কৰা হৈছিল। যাৰ বিশ্লেষণ ১৪০ জনীয়া চিকিতসকৰ দল এটাই কৰিছিল। ইয়াত পোৱা গৈছিল যে নিৰামিষ ভোজী লোক সকলতকৈ আমিষ ভোজী লোকসকলৰ কভিডত আক্ৰান্ত হোৱাৰ আশংকা বেছি।

You might also like