নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিভাগীয় দায়িত্ব গ্ৰহণ কৰিয়েই অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয়ত উপস্থিত মন্ত্ৰী অতুল বৰা

নিয়মীয়া বাৰ্তা ১৩ মেঃ  ৰাজ্যত নৱনিৰ্বাচিত কেবিনেটৰ মন্ত্ৰীস্বৰূপে দায়িত্ব গ্ৰহণ কৰিয়েই বিভাগীয় কাৰ্যালয়লৈ ঢাপলি মেলিলে মন্ত্ৰী অতুল বৰাই।

অসম চুক্তি ৰূপায়ণ দপ্তৰৰ দায়িত্ব গ্ৰহণৰ পিছতেই আজি খানাপাৰাস্থিত অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয়ত উপস্থিত হয়  মন্ত্ৰী অতুল বৰা। কাৰ্যালয়ত উপস্থিত হৈয়েই অনাগত দিনৰ পৰিকল্পনাসমূহৰ সন্দৰ্ভত বিভাগীয় বিষয় ববীয়াৰ লগত বৈঠকত মিলিত হয় মন্ত্ৰী বৰাই।

বৈঠকৰ পিছতে মন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যৰ আগত  কয়-“মই সুচাৰুৰূপে মোৰ দায়িত্ব পালন কৰিম। মই স্বহীদ, নিৰ্যাৰ্তিত পৰিয়ালসকলে পাবলগীয়া লগতে সদৌ অসম ছাত্ৰ সন্থাই প্ৰদান কৰা গুলীবিদ্ধসকলৰ যি তালিকা প্ৰদান কৰিছিল সেইসকলৰ সংস্থাপন আৰু সাহাৰ্যৰ বিষয়ে আমি অতি কম দিনৰ ভিতৰতে বৈঠকত মিলিত হম। “

লগতে মন্ত্ৰীগৰাকীয়ে অচিৰেই আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত ছীল কৰাৰ সন্দৰ্ভত আলোচনাত মিলিত হৈ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

You might also like