নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিনে ১৫ মিনিটৰ বাবে হাঁহক, জীয়াই থাকক আনতকৈ ৫৫ শতাংশ বেছি

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ হাঁহি সু-স্বাস্থ্যৰ বাবে প্ৰয়োজনীয়। প্ৰাত্যহিক জীৱনৰ চিন্তা-উদ্বিগ্নতাই আজিৰ যুগৰ মানুহৰ মুখৰ পৰা হাঁহি নাইকীয়া কৰি দিছে। কিন্তু হাঁহি সুচল জীৱনৰ মহৌষধ। জন হপকিন্স বিশ্ববিদ্যালয় চিকিৎসা বিদ্যালয়ৰ এটা শেহতীয়া গৱেষণাত প্ৰকাশ পোৱা মতে, হাঁহিলে জীৱনৰ প্ৰত্যাশা বৃদ্ধি হয়।

হৃদযন্ত্ৰ ভালে ৰখাৰ লগতে ওজন হ্ৰাস কৰে। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। হজম শক্তি ভাল কৰাৰ উপৰি শৰীৰৰ টক্সিন বৰ্জনত সহায় কৰে। গৱেষণাটোত কোৱা হৈছে যে যিসকল সদায় আশাবাদী, তেওঁলোকে বাকী লোকতকৈ ৫৫ শতাংশ অধিক জীয়াই থাকে। দিনত ১৫ মিনিটৰ বাবে হাঁহিলে শৰীৰত সুখৰ হৰম’ন নিঃসৰণ হয়। হতাশা হ্ৰাস হয়। সম্পৰ্ক উন্নত হয়। মুকলিকৈ হাঁহিলে মানসিক চাপ হ্ৰাস হয়।

হাঁহিয়ে মগজুতো বিশেষ প্ৰভাৱ পেলায়। ইয়াক মুখ্যতঃ সুখী হৰম’ন বুলি কোৱা হয়। চেৰোটিন হৰম’নে মগজুক সুখৰ অনুভূতি প্ৰদান কৰে। চেৰোটিন হৰম’ন মানুহৰ আচৰণ পৰিৱৰ্তনৰ বাবে দায়ী। অকল মগজুৱেই নহয় ই গোটেই শৰীৰক নিয়ন্ত্ৰণ কৰে। চেৰোটিন হৰম’ন কম হ’লে শৰীৰক হতাশাই গ্ৰাস কৰিব পাৰে। গতিকে হাঁহিৰে এই হৰম’ন বৃদ্ধি কৰিব পাৰি।

You might also like