নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘চিলাৰায়’ নাই এবছৰে, শ শ পৰিয়ালৰ জীৱনলৈ ঘোৰ অমানিশা

নিয়মীয়া বাৰ্তা, ১১ এপ্রিলঃ দেশজুৰি লকডাউনৰ বাবে বন্ধ কৰি দিয়া হৈছিল সকলো শ্রেণীৰ যাতায়াত ব্যৱস্থা৷ ইয়াৰ পৰিপ্রেক্ষিতত নামনি অসমৰ ৰে’ল যাতায়াতৰ অন্যতম বঙাইগাঁও–গুৱাহাটী ভায়া গোৱালপাৰা টাউন সংযোগী ‘চিলাৰায়’ যাত্রীবাহী ৰে’লখনৰো যাতায়াত বন্ধ কৰি দিয়া হৈছিল৷

ইয়াৰ বাবে বঙাইগাঁও, গোৱালপাৰা, দক্ষিণ কামৰূপৰ ৰে’লযাত্রীসকল ভীষণ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ কিন্তু ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে বন্ধ ৰখা সকলো যাতায়াত ব্যৱস্থা, অনুষ্ঠান–প্রতিষ্ঠান খোলাৰ বাবে কেন্দ্রীয় তথা ৰাজ্য চৰকাৰে অনুমতি প্রদান কৰাৰ পিছতো নামনি অসমৰ ৰে’ল যাতায়াতৰ অন্যতম যাত্রীবাহী ৰে’ল ‘চিলাৰায়’ৰ চলাচল বন্ধ ৰখাৰ ফলত নামনি অসমৰ তিনিখন জিলাৰ যাত্রীসকলৰ লগতে ৰে’লযোগে যাতায়াত কৰা যাত্রীয়ে সমস্যাত পৰিছে৷

ৰে’লযোগে ব্যৱসায় কৰা শ শ পৰিয়ালৰ জীৱনলৈ ঘোৰ অমানিশা নামি অহা পৰিলক্ষিত হৈছে৷ বিশেষকৈ জিলা তিনিখনৰ গ্রামাঞ্চলত জৈৱিক পদ্ধতিৰে উৎপাদিত শাক–পাচলি, বিভিন্ন ফলমূল, নাৰিকলৰ লগতে ঘৰতে বনোৱা পিঠা, লাডু, চাহ বিক্রী কৰি পৰিয়াল পোহপাল দিয়া পৰিয়ালসমূহলৈ নামি আহিছে ঘোৰ অমানিশা৷

উল্লেখ্য যে গোৱালপাৰা জিলাৰ ৰংজুলি, আমজোঙা, ধূপধৰা, কামৰূপ জিলাৰ শিংৰা ৰে’ল ষ্টেচনৰ পৰাই প্রতিদিনে সহস্রাধিক পুৰুষ–মহিলাই গুৱাহাটীলৈ বিভিন্ন শাক–পাচলি, ফল–মূল, নাৰিকল, পিঠা–পনা, চাহ বিক্রী কৰি পৰিয়াল পোহপাল দি আহিছিল৷ কিন্তু যোৱা এটা বছৰে যাত্রীবাহী ৰে’লখনৰ চলাচল বন্ধ হৈ থকাৰ বাবে এইসমূহ পৰিয়ালৰ জীৱন যাত্রাত বহু পৰিমাণে ব্যাঘাত জন্মা পৰিলক্ষিত হয়৷

জিলাকেইখনৰ একাংশ ব্যৱসায়ীয়ে অতি সোনকালে ‘চিলাৰায়’ যাত্রীবাহী ৰে’লখনৰ চলাচল আৰম্ভ নকৰিলে এই পৰিয়ালসমূহৰ অৱস্থা আৰু বেয়া হ’ব বুলিও মন্তব্য প্রদান কৰে৷ সকলো শ্রেণীৰ ৰাইজৰ সুবিধার্থে চিলাৰায় যাত্রীবাহী ৰে’লখনৰ চলাচল কৰাৰ বাবে কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ, উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ ঊর্ধ্বতন কর্তৃপক্ষক ব্যৱস্থা গ্রহণ কৰাৰ আহ্বান জনাইছে জিলা তিনিখনৰ ৰাইজে৷

You might also like