নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতিদিনে আহাৰৰ লগত খাওক এচামুচ আচাৰ, ইয়াৰ আছে ৮টা বিশেষ গুণ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ আচাৰ। এনে এক খাদ্য যাৰ প্ৰতি সকলোৰে আকৰ্ষণ থাকে। কোনেও বেয়া নাপায় আচাৰ। জ্বলা, টেঙা, মিঠা অনুযায়ী ইয়াৰ সোৱাদ লোৱা মানুহৰ অভাৱ নাই। খাদ্য খাবলৈ ইচ্ছা নাথাকিলেও আচাৰৰ নাম শুনিলে ডাইনিঙলৈ দৌৰি যোৱা মানুহো আছে। আপুনি জানিলে আচৰিত হ’ব আচাৰ আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী।

নিয়মিত আচাৰ খালে আমাৰ শৰীৰৰ কি কি উপকাৰ হয় জানো আহক-

১. গুৰ বা আন যিকোনো মিঠাৰে তৈয়াৰী আচাৰত থাকে প্রচুৰ পৰিমাণৰ ভিটামিন ‘কে’(k)। ই মানৱ দেহৰ হাড় মজবুত কৰাৰ লগতে স্বাস্থ্য ভালে ৰখাত সহায় কৰে।

২. আচাৰত ভিটামিন ‘এ’ (A) পোৱা যায়, গর্ভৱতী মহিলাৰ কাৰণে ই বিশেষ উপকাৰ সাধন কৰে।

৩. আচাৰত এনে বহু পুষ্টিগুণ থাকে, যিয়ে আপেনাৰ চকুৰ স্বাস্থ্য ভালে ৰাখে।
৪. যিকোনো আচাৰেই প্র’টিন তথা ভিটামিনেৰে সমৃদ্ধ। ই আপোনাৰ ৰোদ প্ৰতিৰোধী ক্ষমতা বঢ়াই তোলে আৰু সংক্রমণ জাতীয় ৰোগৰ পৰা ৰক্ষা কৰে।
৫. আচাৰত পোৱা পটাচিয়াম মানৱ স্নায়ুতন্ত্রক সুস্থ ৰখাত সহায়ক হয়, লগতে স্নায়ুবোৰে সঠিকভাৱে কাম কৰাত সহায় কৰে।
৬. আচাৰত থকা এন্টিঅক্সিডেন্টৰ বাবে আপোনাৰ কোষবোৰক যিকোনো ধৰণৰ সমস্যাৰ পৰা ৰক্ষা কৰে।

৭. মধুমেহ ৰোগীৰ ক্ষেত্ৰত আচাৰে যাদুকৰী প্ৰভাৱ পেলাব পাৰে। কাৰণ, আচাৰে তেজত শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণ কৰে আৰু ডায়েবেটিছ ৰোগীৰ মিঠাই প্ৰতি থকা ইচ্ছা পূৰণ কৰে।

৮. ইয়াৰ লগতে আচাৰত পোৱা কেলচিয়ামে শৰীৰক সুস্থ কৰাৰ লগতে নানা ৰোগৰে যুদ্ধ কৰাত সহায় কৰে।

You might also like