নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথিৱীৰ সকলোতকৈ ধুনীয়া ঠাইবোৰ…

পৃথিৱীৰ সকলো ধুনীয়া ঠাই চাবলৈ এটা জীৱনেই যথেষ্ট নহয়৷ প্রতিখন দেশত, প্রতিখন চহৰত এনে কিছুমান আচৰিত ঠাই আছে, যি ঠাই চোৱাৰ সকলোৰে সৌভাগ্য নহয়৷ আজি এনে কিছু ঠাইৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছোঁ–

ৰাইলে বীচ্চ, থাইলেণ্ড
ৰাইলে বীচ্চ থাইলেণ্ড পর্যটনৰ গৌৰৱ৷ ৰাইলে বীচ্চক পৃথিৱীৰ অন্যতম মনোমোহা আৰু সুন্দৰ ঠাই হিচাপে গণ্য কৰা হয়৷ ঘন জংঘলেৰে আৱৰি থকা ৰাইলে বীচ্চ সকলোৰে প্রিয়৷

নর্দার্ন লাইটছ আইচলেণ্ড
আইচলেণ্ডত বহুতো ধুনীয়া ঠাই আছে৷ সেয়ে আইচলেণ্ডক পৃথিৱীৰ ধুনীয়া দেশসমূহৰ ভিতৰত এখন বুলি ধৰা হয়৷ নর্দার্ন লাইটছত এক চমৎকাৰ প্রাকৃতিক পৰিঘটনা শীতকালত সংঘটিত হয়৷ যাক অ’ৰোৰা বোৰিলিছ বুলিও জনা যায়৷ উত্তৰ মেৰুৰ ওচৰৰ ওপৰৰ বায়ুমণ্ডলৰ সৈতে সূর্যৰ কণাবোৰৰ আন্তঃক্রিয়াৰ ফলত হয়৷

চীনৰ ৰামধেনু পর্বতমালা
এই ঠাইখনক লৈ চীনে গৌৰৱ কৰে৷ নেচনেল জি’গ্রাফীয়ে ৰামধেনু পর্বতমালাক পৃথিৱীৰ শীর্ষ আশ্চর্যজনক ঠাই হিচাপে গণ্য কৰে৷ এই পর্বতমালাৰ নিখুঁত সৌন্দর্য চাবলৈ বহু লোকে চীনলৈ ভ্রমণ কৰে৷ ২০০৯ চনত এই পর্বতমালা থকা ঠাইখিনিক ইউনেস্ক’–এ বিশ্ব ঐতিহ্যক্ষেত্র হিচাপে নামকৰণ কৰিছিল৷

স্কটলেণ্ডৰ ফেৰী পুলঃ আইজল অৱ স্কাই
পৃথিৱীৰ শ্রেষ্ঠ ধুনীয়া ঠাইসমূহৰ ভিতৰত আইজল অৱ স্কাইৰ ফেৰী পুল অন্যতম৷ এই ঠাইখিনি বহু ৰোমাণ্টিক আৰু অনুপ্রেৰণাদায়ক৷ এই ঠাইলৈ গৈ বহু লেখক, কবিয়ে সময় অতিবাহিত কৰিছে৷ ফেৰী পুলৰ পানীৰ ৰং নীলা৷ ঠাইখিনিৰ প্রাকৃতিক সৌন্দর্য আৰু মনোৰম দৃশ্যই সকলোকে আকর্ষণ কৰে৷

You might also like