নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ তিনিজোপা ভয়ংকৰ গছ

আমাৰ পৃথিৱীখনত ৩ লাখতকৈ অধিক প্রজাতি গছ–গছনি দেখিবলৈ পোৱা যায়৷ আমি এই গছ–গছনিসমূহৰ পৰাই অক্সিজেন লৈ জীয়াই থাকোঁ৷ গছ–গছনিৰ অবিহনে মানুহ জীয়াই থকাটো একেবাৰেই অসম্ভৱ৷ গছ মানুহৰ বাবে ইমান ডপকাৰী হোৱাৰ পাছতো কিন্তু এই পৃথিৱীতে এনে কিছুমান গছো আছে যি মানুহৰ বাবে হানিকাৰক৷ তেনে কেইজোপামান গছৰ বিষয়ে এই লেখাটোত আলোচনা কৰিব বিচাৰিছোঁ৷
আমি আলোচনা কৰিবলৈ লোৱা প্রথমজোপা গছ হ’লSandbox trees Sandbox trees গছজোপা প্রায় ১৩০ ফুট উচ্চতালৈকে বৃদ্ধি পায়৷ গছজোপাৰ গা–গছডালত আৰু ডালবোৰত বিষাক্ত কাঁইট দেখিবলৈ পোৱা যায়৷ তদুপৰি এই গছজোপাৰ পাত, ফলসমূহো অতি বিষাক্ত৷ এই গছৰ ফলবোৰ হঠাৎ ফুটি যায় আৰু ইয়াৰ বীজসমূহ প্রায় ২৫০ কিঃমিঃ দ্রুতগতিত আহি মানুহৰ গাত লাগে, যাৰ ফলত বন্দুকৰ গুলীৰ দৰে অতি তীব্রবেগত এই বীজসমূহে গাত আঘাত কৰিব পাৰে৷ কেৱল সেয়াই নহয়, গছজোপাৰ আন এটা বৈশিষ্ট্য হ’ল– গছজোপা কাটিলে যি বিজলুৱাধৰণৰ আঠা ওলাই, সেইসমূহ যদি আমাৰ গাত লাগে, তেন্তে এচিডৰ দৰে পুৰিবলৈ আৰম্ভ কৰে আৰু যদি চকুত পৰে তেন্তে চকুৰে তৎক্ষণাৎ নেদেখা হৈ যায়৷
আমি আলোচনা কৰিবলৈ লোৱা দ্বিতীয়জোপা গছ হ’লCherry trees৷ আমি সকলোৱে চেৰি খাই ভাল পাওঁ৷ বিভিন্ন খাদ্যবস্তুত আমি চেৰি দেখিবলৈ পাওঁ৷ কিন্তু চেৰি গছসমূহ অতি ভয়ানক৷ চেৰি গছজোপাত কিছুমান বিষাক্ত গেছ তথা এচিড থাকে৷ চেৰিগছৰ পাতবোৰো অতি বিষাক্ত৷ যদি এই পাত কোনো প্রাণীয়ে খাদ্য হিচাপে গ্রহণ কৰে, তেন্তে কিছুসময় পাছত প্রাণীটোৱে বমি কৰিবলৈ আৰম্ভ কৰে৷ কেৱল সেয়াই নহয়, চেৰি গছৰ পৰা এনেকুৱা কিছুমান বিষাক্ত গেছ ওলায়, যিবোৰৰ ফলত আমি যদি অলপ সময়ৰ বাবে গছজোপাৰ ওচৰত থাকোঁ, তেন্তে আমাৰ মূৰ ঘূৰাবলৈ আৰম্ভ কৰিব পাৰে৷
আমি আলোচনা কৰিবলৈ লোৱা তৃতীয়জোপা গছ হ’লCerebral odollam৷ এই গছজোপা বিশেষকৈ ভাৰতবর্ষত বেছিকৈ পোৱা যায়৷ এই গছজোপাৰ ফলবোৰ সেউজীয়া বৰণৰ আৰু আকাৰত ঘূৰণীয়া৷ এই গছৰ ফলবোৰ খালে মানুহ পাগল হয় বুলি কোৱা হয়৷ কিয়নো, এই গছৰ ফলবোৰত বিষাক্ত ৰাসায়নিক দ্রব্য থাকে৷ ফলত এই ফল খালে মানুহৰ মূৰ ঘূৰাবলৈ আৰম্ভ কৰে আৰু ভালকৈ চলাচল কৰিব নোৱাৰা হয়৷ কেৱল সেয়াই নহয়, এই গছৰ ফুলবোৰৰ পৰা বিষাক্ত গেছ ওলায়, যিবোৰৰ ফলত মানুহ তথা অন্যপ্রাণীৰ বাবেও হানিকাৰক৷

You might also like