নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ ৫ খন বৈচিত্র্যময় স্থান

-নিষ্ঠা দাস

বিত্থল মন্দিৰ

ভাৰতবর্ষৰ কর্ণাটকৰ হাম্পিত অৱস্থিত বিত্থল মন্দিৰ সমগ্র বিশ্বৰ পর্যটকৰ বাবে কৌতূহল তথা ৰহস্যৰ বিষয়৷ ১৬ শতিকাতে ৰজা কৃষ্ণ দেৱৰায় দ্বিতীয়ৰ শাসনকালৰ সময়ছোৱাত নির্মাণ কৰা এই মন্দিৰৰ প্রাংগণত বৃহৎ আকৃতিৰ এখন শিলৰ ৰথ আছে৷ ৰথখন ইণ্টাৰলক পদ্ধতিৰে সেই সময়ছোৱাতে নির্মাণ কৰা হৈছিল, যাৰ বাবে ৰথখনৰ সকলো অংশ খুলি অন্য স্থানলৈ নিব পাৰি৷ তদুপৰি মন্দিৰটোৰ খুঁটাসমূহো অতি ৰহস্যময়৷ সুন্দৰ নক্সা কাটি থোৱা খুঁটাবোৰক ‘মিউজিকেল পিলাৰ’ বুলিও অভিহিত কৰা হয়৷ বিশ্বাস কৰিবলৈ অতি কঠিন যে এই মন্দিৰৰ মুঠ ৫৬টা খুঁটাত হাতেৰে টুকুৰিয়ালে তাৰ পৰা সংগীত নির্গত হয়৷ ভাৰতবর্ষত ইংৰাজে শাসন চলোৱাৰ সময়ছোৱাত ইংৰাজসকলে আচৰিত হৈ মন্দিৰটোৰ দুটা খুঁটা ভাঙি তাৰ ওপৰত অধ্যয়ন চলাইছিল যদিও তাৰ পৰা কোনো তথ্য তেওঁলোকে উদ্ধাৰ কৰিব নোৱাৰিলে৷

মুভিং ষ্ট’নছ ডেথ ভেলী

কেলিফর্নিয়াৰ ডেথ ভেলী নামৰ স্থানত কেতবোৰ বৃহৎ আকৃতিৰ শিলে নিজে নিজে গতি কৰা বিষয়টোৱে বিশ্বৰ বিভিন্ন প্রান্তৰ পর্যটকৰ লগতে নাছাৰ বিজ্ঞানীকো বিমোৰত পেলাইছে৷ ডেথ ভেলী সম্পূর্ণৰূপে সমতল যদিও তাত বিশৃংখল হৈ পৰি থকা মুঠ ১৫০টা শিলে নিজে নিজে গতি কৰা বিষয়টো সঁচাকৈয়ে ৰহস্যৰ বিষয়৷ কিন্তু তাতোকৈ আচৰিত কথা এয়ে যে প্রত্যক্ষভাৱে কোনো লোকে শিলবোৰে চলাচল কৰা দেখিবলৈ পোৱা নাই৷ তথাপি শীতকালত শিলবোৰ প্রায় ২৫০ মিটাৰতকৈ অধিক দূৰ পূর্বৰ স্থানৰ পৰা আঁতৰি যোৱা দেখা যায়৷ ১৯৭২ চনতেই এই আশ্চর্যকৰ কার্যৰ ৰহস্য উদ্ঘাটনৰ বাবে বিশ্বৰ ভিন প্রান্তৰ বিজ্ঞানীৰ এটা দল গঠন কৰা হৈছিল৷ তেওঁলোকে বিশেষ কেইটিমান শিলৰ ওপৰত নাম লিখি মুঠ ৭ বছৰ অধ্যয়ন কৰিছিল যদিও সেই দীর্ঘ সময়ত কোনো শিলৰে স্থানৰ পৰিৱর্তন হোৱা নাছিল৷ কিন্তু আচৰিতভাৱে ৩১৭ কেজি ওজনৰ কেবিন নামৰ শিল এটি অধ্যয়ন সমাপ্ত হোৱাৰ কেইবছৰমানৰ পিছত প্রায় ১ কিলোমিটাৰ পূর্বৰ স্থানৰ পৰা নিলগত পোৱা গৈছিল৷ তেতিয়াৰে পৰা বিষয়টি অধিক ৰহস্যঘন হৈ পৰে৷ আচৰিতভাৱে শিলবোৰে চলাচল কৰাৰ চিহ্ণ ডেথ ভেলীত দেখিবলৈ পোৱা যায়৷

মেগ্নেটিক হিল

লাডাখৰ এটি পাহাৰ বিগত বহু বর্ষৰ পৰাই বিশ্বৰ পর্যটকৰ বাবে আকর্ষণৰ কেন্দ্রবিন্দু হৈ আছে৷ দৰাচলতে উক্ত পাহাৰখনত এনে চুম্বকীয় প্রভাৱ আছে, যাৰ বাবে পাহাৰৰ কাষৰ পথসমূহত কোনো গাড়ীচালক অবিহনে অথবা ষ্টার্ট নকৰাকৈ চলিবলৈ আৰম্ভ কৰে৷ সেইবাবেই এই পাহাৰ মেগ্নেটিক হিল নামেৰেও প্রসিদ্ধ৷ বহু গৱেষক তথা বিজ্ঞানীয়ে ইয়াৰ বৈজ্ঞানিক ভিত্তি উদ্ধাৰ কৰিছে যদিও তাৰ পৰা উভতি অহা একাংশ পর্যটকে তাত অলৌকিক শক্তিৰ উমান লাভ কৰাৰ কথাকৈ বিষয়টি ৰহস্যৰ মাজলৈও ঠেলি দিয়ে৷

ব্লাড ফল্ছ

এণ্টাৰটিকাৰ বৰফৰ মাজৰ এক স্থানত ৰঙা বৰণৰ এক ঋর্ণা বৈ যোৱা দেখিবলৈ পোৱা যায়৷ ঝর্ণাটি দেখিলে এনে লাগে তাত যেন তেজৰ এক সোঁতহে বৈ আছে৷ জনশূন্য স্থানৰ সেই ঝর্ণাটি আজিও ৰহস্যৰ আৱর্তৰ পৰা মুকলি হ’ব পৰা নাই৷ বিশ্বৰ বিভিন্ন প্রান্তৰ বহু বিজ্ঞানী তথা গৱেষকে এই সন্দর্ভত বিভিন্ন পৰীক্ষা–নিৰীক্ষা চলাই আছে যদিও বর্তমানলৈ কোনেও নিশ্চিত কোনো ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ অৱশ্যে বহু বিজ্ঞানীয়ে অনুমান কৰে যে সেই স্থানত বৰফৰ তলত লৌহ পদার্থৰ–আধিক্যৰ বাবেও পানীৰ বৰণ ৰঙা হৈ পৰে৷ কিন্তু বহু বিজ্ঞানীয়ে সেই যুক্তি মানিব পৰা নাই৷

অ’ল্ড ফেইথফুল

আমেৰিকাৰ ইয়েল্ল’ষ্ট’ন নেচাৰেল পার্কত পৃথিৱীৰ ভিতৰত সর্বাধিক ‘প্রাকৃতিক গিজাৰ’ অর্থাৎ গৰম পানীৰ ফোৱাৰা পোৱা যায়৷ মুঠ ৩০০টা এনে ‘প্রাকৃতিক গিজাৰ’ৰ ভিতৰত আকৌ অ’ল্ড ফেইথফুল নামৰ গৰম পানীৰ ফোৱাৰাটো বিশ্বৰ বিভিন্ন প্রান্তৰ পর্যটকৰ আকর্ষণৰ মূল কেন্দ্রবিন্দু৷ কিয়নো বিশ্বৰ সর্বোচ্চ গৰম পানীৰ এই ফোৱাৰাটোত নিয়মিতভাৱে পানীৰ বিস্ফোৰণ হৈ থাকে৷ পানীৰ বিস্ফোৰণৰ কোনো নিয়মিত ক্রম অবা নির্দিষ্ট সময় নথকাৰ বাবে বিজ্ঞানীসকলেও এই ‘প্রাকৃতিক গিজাৰ’ৰ আঁৰৰ প্রকৃত ৰহস্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ স্থানীয় বহুলোকে আকৌ অ’ল্ড ফেইথফুলৰ সৈতে কোনো ভৌতিক অথবা অলৌকিক বিষয় জড়িত থকাৰো আশংকা কৰে৷

You might also like