নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৩ মে’, ব’হাগ মাহৰ ২৯ তাৰিখ

মেষঃ ঘৰুৱা বিষয়ত কিছু উৎসাহ পাব৷ কর্মস্থানত বিশেষ পৰিৱর্তন নাই৷ কিন্তু কোনোৱে নিজৰ দোষৰ বাবে ককর্থিত হ’ব পাৰে৷ ধাৰ–ঋণ, সা–সম্পত্তি বেচাৰ ক্ষেত্রত সাৱধান হওক৷ পঢ়াত ভালেই৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৫৷
বৃষঃ শৰীৰ পূর্বৰ তুলনাত ভালেই বোলা যায়৷ ছাত্র–ছাত্রীৰ বাবে কিছু হ’লেও অনুকূল বুলিব পাৰি৷ হঠাৎ কোনোৱে বিয়া–বাৰুৰ সিদ্ধান্ত কৰিব পাৰে৷ প্রেমত ভালেই দেখা যায়৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৬৷
মিথুনঃ মন খুব পৰিষ্কাৰ নাথাকিব৷ পঢ়া–শুনাত খুব বেয়া বুলিব নোৱাৰি৷ কর্ম–সংস্কৃতিত থকাসকলক সাময়িকভাৱে ভাগৰুৱা যেন দেখা পাব৷ শৰীৰ মধ্যম৷ শুভ ৰং আকাশী, শুভ সংখ্যা ৩৷
কর্কটঃ বিদ্যার্থীৰ বাবে কিছু শাৰীৰিক আহুকাল হ’লেও ভয়ৰ কাৰণ দেখা নাযায়৷ কোনো পৰিৱেশৰ প্রগতিত ক্ষতিৰ কাৰক৷ ৰাজনীতিত মিলিজুলি চলক৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৫৷
সিংহঃ কর্মত মজলীয়া প্রভাৱ পৰিব৷ শিল্প–কলা তথা সাহিত্যত উদ্বুদ্ধসকলৰ উৎসাহ থাকিব৷ দাম্পত্যত বিশেষ উদাস নহ’ব৷ কর্মক্ষেত্রত পৰাপক্ষত নিজৰ জোখাৰে কামখিনি সমাধানত মন দিয়৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫৷
কন্যাঃ প্রবল বাধা–বিঘিনিৰ সংকেতবোৰ নিজৰ মনেৰে ভবাতকৈ কার্যক্ষেত্রত কম পাব৷ কর্মদিশতো দৃঢ়তা ৰাখিব লাগিব৷ বিদ্যাত বেয়া নহ’ব৷ দাম্পত্যত পৰিৱর্তন নাই৷ প্রাপ্যাদিত মধ্যম৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ১৷
তুলাঃ শিল্পী–সাহিত্যিক কর্মৰ জৰিয়তে প্রশংসিত হ’ব৷ আপোনাৰ উপদেশত আনে উপকৃত হোৱাত সুখ৷ প্রেমত মধ্যম (পঢ়া–শুনাত জটিলতা কম৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
বৃশ্চিকঃ কর্মস্থানত বিশেষ নজৰ ৰখাটো ভাল হ’ব৷ বিদ্যাত বিশেষভাৱে যত্ন লওক৷ পাৰিবাৰিক ক্ষেত্রত শুভ৷ ব্যৱসায়–বাণিজ্যত ভালেই দেখা যায়৷ প্রেমত সন্দেহ উপজিব পাৰে৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৪৷
ধনুঃ নিবনুৱাৰ উদ্যোগী মনোভাব থাকিলে কর্মপ্রাপ্তি হ’ব৷ বিদ্যার্থীৰ বিদ্যা লাভ৷ ভ্রমণত বৈদেশিক সূতে ধন লাভ৷ শৰীৰৰ প্রতি যত্ন ৰাখক৷ ব্যৱসায়ত লাভৰ কাৰকতা দেখা যায়৷ শুভ ৰং কমলা, শুভ সংখ্যা ৭৷
মকৰঃ কর্মক্ষেত্রত আইনজ্ঞৰ দক্ষতা বৃদ্ধি পাব৷ ব্যৱসায়ত বন্ধু–বান্ধৱৰ পৰা সহায় পাব৷ আর্থিক দিশত জটিলতা নাই৷ জ্বৰ, মূৰৰ বিষ, পেটৰ অসুখত ভুগিব পাৰে৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৯৷
কুম্ভঃ বৰ অনুকূল নহ’ব৷ কিছুমানে অস্থিৰতা অনুভৱ কৰিব৷ আর্থিক উন্নতিৰ তুলনাত ব্যয়ৰ মাত্রা বেছি৷ শৰীৰো সবল থকাটো টান৷ কল্পনা শক্তি বৃদ্ধি৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ১৷
মীনঃ আর্থিক চিন্তা পৰিহাৰ কৰি চলক৷ দিনটো প্রায় অনুকূল বুলি ধৰিব পাৰে৷ কোনোৰ কর্ম পৰিৱর্তন বা কিবা ঘৰুৱা অথবা অদল–বদলত ব্যস্ত থাকিব পাৰে৷ ে

You might also like