নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিভাৱকহীন হ’ল নিয়মীয়া বার্তা–নিউজ লাইভ

নিয়মীয়া বাৰ্তা ১৩ মেঃ  অসমৰ সাহিত্য আৰু সাংবাদিকতা জগতৰ উজ্জ্বল নক্ষত্র বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মহাপ্রয়াণত অভিভাৱকহীন হৈ পৰিল ‘নিয়মীয়া বার্তা’ আৰু ‘নিউজ লাইভ’ পৰিয়াল৷ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধীনস্থ ‘নিয়মীয়া বার্তা’ কাকতৰ মুখ্য সম্পাদক হিচাপে কার্যনির্বাহ কৰাৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ আগশাৰীৰ নিউজ চেনেল ‘নিউজ লাইভ’ৰ জনপ্রিয় মননশীল অনুষ্ঠান ‘কথা–বার্তা’ৰ আধাৰ ব্যক্তি আছিল প্রয়াত হোমেন বৰগোহাঞি৷ এই দুয়োটা অনুষ্ঠান দিহা–পৰামর্শৰে আগবঢ়াই নিয়াৰ ক্ষেত্রত প্রত্যক্ষভাৱে জড়িত হৈ থকা সাহিত্য জগতৰ এইগৰাকী পুৰোধা ব্যক্তিৰ বিয়োগত ম্রিয়মাণ হৈ পৰিছে ‘নিয়মীয়া বার্তা’ আৰু ‘নিউজ লাইভ’ পৰিয়ালৰ লগতে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ প্রতিগৰাকী সদস্য৷

বুধবাৰে পুৱা গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা বৰগোহাঞিক ‘নিয়মীয়া বার্তা’ৰ কার্যালয়ত শেষ শ্রদ্ধা জ্ঞাপন কৰা হয়৷ দিনৰ প্রায় ১.৩০ বজাত এখন পুষ্পসজ্জিত বাহনেৰে তেওঁৰ নশ্বৰদেহ কার্যালয়ৰ চৌহদলৈ লৈ অহা হয়৷ কার্যালয় চৌহদত প্রয়াত বৰগোহাঞিৰ নশ্বৰদেহত পুষ্পাঞ্জলি অর্পণ কৰি শেষ শ্রদ্ধা জ্ঞাপন কৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই৷ বিশিষ্ট সাহিত্যিকগৰাকীলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰি তেওঁ কয় যে হোমেন বৰগোহাঞিৰ বিয়োগ অসমীয়া সাহিত্য জগতৰ এক অপূৰণীয় ক্ষতি৷ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ বাবেও এয়া এক বৃহৎ ক্ষতি বুলি উল্লেখ কৰি শর্মাই কয়–‘নিউজ লাইভ’ৰ জন্মলগ্ণৰ পৰা তেওঁ জড়িত হৈ আছিল৷ আমাৰ জনপ্রিয় অনুষ্ঠান কথা–বার্তাৰ তেওঁ আধাৰ ব্যক্তি আছিল৷ প্রায় ১২ বছৰ ধৰি ‘নিউজ লাইভ’ৰ সৈতে তেওঁ জড়িত হৈ আছিল৷ তদুপৰি ‘নিয়মীয়া বার্তা’ কাকতখনৰ তেওঁ মুখ্য সম্পাদক আছিল৷ আমাৰ সমগ্র পৰিয়ালৰ বাবে এয়া এক অপূৰণীয় ক্ষতি৷

‘নিয়মীয়া বার্তা’ৰ কার্যালয় চৌহদতে ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইন, নর্থ ইষ্ট লাইভ চেনেলৰ মুখ্য সম্পাদক ৱাছবিৰ হুছেইন, ‘নিয়মীয়া বার্তা’ৰ সম্পাদক নৰেশ কলিতা, ‘নিয়মীয়া বার্তা’ৰ কার্যবাহী সম্পাদক অমল দাসৰ লগতে ভিন্নজনে প্রয়াত সাহিত্যিকগৰাকীলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ ইয়াতেই ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু আৰু মন্ত্রী বিমল বৰায়ো তেওঁৰ নশ্বৰদেহত পুষ্পাঞ্জলি অর্পণ কৰি শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ এই শ্রদ্ধাঞ্জলি অনুষ্ঠানতে ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনে কয় যে প্রয়াত বৰগোহাঞি ‘নিউজ লাইভ’ গোষ্ঠীৰে ২০০৮ চনৰ পৰা জড়িত হৈ আছিল৷ এই প্রসংগত হুছেইনে কয়– ‘কথা–বার্তা’ অনুষ্ঠানৰ জৰিয়তে সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিৰ সাক্ষাৎ গ্রহণ কৰিছে৷ কেতিয়াবা কিবা ভুল হ’লে তেওঁ সদায় আঙুলিয়াই দিছে৷ দুই–এটা শব্দৰে তেওঁ কৈছিল যদিও তাৰ আঁৰত বহুতো অর্থ লুকাই আছিল৷ তেওঁ আমাৰ মাজত কায়িকভাৱে নাই যদিও তেওঁৰ আদর্শ আমাৰ লগত সদায় থাকিব৷ তেওঁ যে আমাৰ মাজত নাই সেয়া বিশ্বাসেই কৰিব পৰা নাই৷ যোৱা দেওবাৰে তেওঁৰ শেষৰটো ৰেকর্ডিং প্রচাৰ কৰা হৈছে৷ প্রতি দেওবাৰে ঘৰলৈ যোৱাৰ পূর্বে কথা–বার্তা অনুষ্ঠানৰ সূচী সময়মতে নিৰীক্ষণ কৰি যোৱাটো এটা অভ্যাসত পৰিণত হৈছিল৷ ব্যক্তিগতভাৱে বিগত ১২–১৩ বছৰ ধৰি তেওঁক ঘনিষ্ঠভাৱে লগ পাইছিলোঁ৷ তেওঁৰ বিয়োগত মর্মাহত হৈছোঁ৷

উল্লেখ্য যে প্রথমে ২০১৫ চনত তেওঁ ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদনা উপদেষ্টা হিচাপে কার্যনির্বাহ কৰিছিল৷ পৰৱর্তী সময়ত তেওঁ কাকতখনৰ মুখ্য সম্পাদকৰ দায়িত্ব গ্রহণ কৰে৷ এই সময়ছোৱাত নিয়মীয়াভাৱে তেওঁ কার্যালয়লৈ আহি নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিছিল৷ ক’ভিডত আক্রান্ত হোৱাৰ পূর্বলৈকে তেওঁ কাকতৰ কার্যালয়লৈ নিয়মীয়াকৈ অহাৰ লগতে কথা–বার্তা অনুষ্ঠানৰ ৰেকর্ডিঙো সম্পন্ন কৰিছিল৷ কিন্তু আকস্মিকভাৱে তেওঁৰ বিয়োগৰ বাতৰিয়ে মর্মাহত কৰিছে প্রতিগৰাকী সদস্যক৷

You might also like