নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কণ্টেইণ্টমেণ্ট জ’ন, হোম আইচলেশ্বনত থকা কভিড ৰোগীৰ পৰিয়ালক খাদ্য সামগ্ৰী যোগান বিধায়ক মৃণাল শইকীয়াৰ

নিয়মীয়া বাৰ্তা, ১২ মে: ক’ভিড মহামাৰীয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে চাহ বাগিছা অঞ্চলত । গোলাঘাট জিলাৰ দহখনকৈ চাহ বাগিচাৰ শ্ৰমিক কম-বেছি পৰিমাণে আক্ৰান্ত হৈছে মাৰাত্মক কভিড ভাইৰাচৰ সংক্ৰমণত । জিলাখনৰ বৰচাপৰি বাগিছা, হাওতলী চাহ বাগিছা, বৰফলং চাহ বাগিছাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত জিলা প্ৰশাসনে কণ্টেইণ্টমেণ্ট জ’ন হিচাপে ঘোষণা কৰি অঞ্চলটিলৈ অহা যোৱা বন্ধ কৰি দিছে । এনে সময়ত খাদ্য সংকতে দেখা দিয়াৰ উপক্ৰম হোৱাৰ পূৰ্বেই খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ৰাইজৰ কাষত থিয় হৈ দিলে সাহস ।

সমষ্টিটোৰ হাবিছোৱা গাঁও পঞ্চায়তৰ হাওতলী চাহ বাগিছাৰ ৮-৯ নং ৱাৰ্ড কণ্টেইণ্টমেণ্ট জ’ন ঘোষণা কৰাত ১৬০ টা শ্ৰমিক পৰিয়াল আবদ্ধ হৈ পৰে । আজি বিধায়ক গৰাকী বাগিছাখনত উপস্থিত হৈ ১৬০ টা পৰিয়াললৈ এক সপ্তাহৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰি মহানতাৰ পৰিচয় পুণৰ বাৰ দাঙি ধৰে । সেইদৰে হোম আইচ’লেশ্বনত থকা ৰোগী পৰিয়ালবৰ্গকো খাদ্য সামগ্ৰী যোগান ধৰে বিধায়ক মৃণাল শইকীয়াই । সমষ্টিটোৰ হাওতলী, খুমটাই, গৰঙা, ঢেকিয়াল আদি অঞ্চলত উপস্থিত হৈ খাদ্য সামগ্ৰী যোগান ধৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অন্যান্য সমস্যা সন্মুখত আহিলে বিধায়ক গৰাকীক যোগাযোগ কৰিবলৈ আহ্বান জনায় । আনহাতে বিধায়ক গৰাকীয়ে কোৱাৰেণ্টাইনত থকা লোক সকলৰ লগতে হোম আইচলেশ্বনত থকা লোকৰ যাতে কোনো সমস্যা নহয় তাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা লোৱা হৈছে বুলি প্ৰকাশ কৰে । আজি সাংবাদিকৰে হোৱা বাৰ্তালাপত বিধায়ক মৃণাল শইকীয়াই কয় যে, চাহ বাগিচা অঞ্চল সমুহলৈ কভিদ সংক্ৰমণ হোৱাটো যথেষ্ট চিন্তাৰ বিষয়। কভিদ চাহ বাগিচা সমুহলৈ সংক্ৰমিত হলে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হব বুলি উল্লেখ কৰি বিধায়ক গৰাকীয়ে কয় যে, কভিডৰ সংক্ৰমণ ৰোধৰ বাবে সজাগ আৰু সচেতনতাৰে চাহ বাগিচা সমুহক কভিদৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ সকলোকে আহ্বান জনায় ।

You might also like