নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাস উদযাপনৰ বাবে চৰকাৰে প্ৰদান কৰা নতুন এছ অ’ পিক লৈ মাজুলীত তীব্ৰ প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰঃ সমাগত ৰাস মহোৎসৱ ৷ সত্ৰভূমী মাজুলীৰ প্ৰধান আধ্যাত্মিক ৰাস মহোৎসৱক লৈ ব্যস্ত মাজুলীৰ প্ৰতি খন ৰাস উদযাপন সমিতি ৷ ইতিমধ্যে দ্বিতীয় গকুল , মথুৰা বৃন্দাবনলৈ পৰ্যবেশিত হৈছে মাজুলী ৷ নীশা দুপৰলৈকে চলিছে শংখচূড় , বকাসুৰ , অঘাসুৰ বধৰ পূৰ্ণ প্ৰস্তুতি ৷ কৃষ্ণৰ বাঁহিৰ সুৰত মুখৰিত হৈ পৰিছে আকাশ বতাহ , গোপীসকলৰ নৃত্যৰ আখৰাৰে ব্যস্ত মাজুলীৰ প্ৰতিখন ৰাস মঞ্চ আৰু সত্ৰানুষ্ঠান সমুহ ৷ কিন্ত শেহতীয়াকৈ ৰাজ্য চৰকাৰে এক নিৰ্দেশনা যোগে প্ৰকাশ কৰা ৰাসৰ এচ অ পি খনক লৈ বিপাঙত পৰিছে প্ৰতিটো ৰাস মঞ্চ ৷

ৰাজ্যৰ গুৱাহাটী , যোৰহাট আদিকে ধৰি বিভিন্ন স্থানত কভিড মহামাৰী ধৰা পৰাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বৰ্তমান নতুন এচ অ পি জাৰি কৰিছে যদিও এই এচ অ পিক লৈ অলপ সুখি নহয় মাজুলীৰ স উদযাপন সমিতি সমুহ ৷ এই এচ অ পিক লৈ মাজুলী জিলা আছুৰ সাধাৰণ সম্পাদক বিতুপন শৰ্মাই কয় যে চৰকাৰ আৰু মাজুলী জিলা প্ৰশাসনে ৰাসক লৈ শেহতীয়াকৈ প্ৰকাশ কৰা এই এচ অ পি খনক লৈ এক সুস্থিৰ চিন্তা কৰাৰ প্ৰয়োজন আছে।

এই এছ.অ.পি. খন লক্ষ্মী পুজাৰ আগতেই দিয়া হ’লে বহু ৰাস উদযাপন সমিতিয়ে ৰাস উদযাপনৰ দিশৰ ক্ষেত্ৰত বিবেচনা কৰি এই বৰ্ষতো ৰাস উদযাপন নকৰাকৈ অথবা কিছু সাল সলনি কৰিলে হেতেন বা ৰাস উদযাপনৰ ব্যৱস্থাই নকৰিলেহেতেন ৷ কিন্তু বৰ্তমান ৰাসলৈ মাত্ৰ এটা সপ্তাহ থকাৰ সময়ত এইদৰে এছ.অ.পি. উলিয়াই ৰাইজৰ মাজত আতংকময় পৰিবেশ সৃষ্টি কৰা কাৰ্য গ্ৰহণ যোগ্য নহয়। যদি ৰাসত শিশু শিল্পীৰ অভিনয়েই নাথাকে তেন্তে ৰাসৰ মাদকতা কত থাকিব। ৰাজ্য চৰকাৰে জাৰি কৰা এই এছ.পি.খন কোনো কালে মানি লোৱা নহব বুলি মাজুলী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনক সমালোচনা কৰে।

আনহাতে কোঁছ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আদিত্য দত্তই শিশু লীলা অবিহনে ৰাস ভাগী উদযাপন কৰাত অসুবিধা আছে বুলি মন্তব্য কৰি চৰকাৰ আৰু মাজুলী জিলা প্ৰশাসনক এক সুস্থিৰ চিন্তা কৰি ৰাসভাগী সফল হোৱাত সহায় কৰাা আহ্বন জনাই ৷ সাংস্কৃতিক কৰ্মী বিপুল হাজৰিকা , প্ৰেম ৰাজখোৱাই ৰাসৰ এছ অ খন সালসলনি কৰি ৰাস ভাগ সুন্দৰ কৈ উদযাপন কৰাত চৰকাৰ তথা জিলা প্ৰশাসনক সহায় কৰাৰ বাবে অনুৰোধ জনাই ৷ আনহাতে কালিলৈ দিনৰ ১২ বজাৰ পৰা মাজুলী জিলা প্ৰশাসন আৰু ৰাস উদযাপন সমিতি সমুহৰ লগত উপায়ুক্তৰ সভা কক্ষত এখন সভা অনুষ্ঠিত হব ৷ এই সভাতেই ৰাস উদযাপনৰ এছ অ পি আদি দিশৰ ওপৰত এক সুস্থিৰ সিদ্ধান্ত হব বুলি মাজুলী বাসীয়ে আশা প্ৰকাশ কৰিছে ৷

input: প্ৰাঞ্জল খাউণ্ড

 

You might also like